Assam News: মুখ্যমন্ত্ৰীৰ বিটিআৰ ভ্ৰমণৰ পৰা ভাৰত-ইংলেণ্ডৰ টেষ্ট মেচলৈ দিনটোৰ শীৰ্ষ খবৰ

Jul 04, 2025 | 11:08 PM

ৰাজ্যত পুনৰ উদ্ভৱ হৈছে বান পৰিস্থিতি। বিপদসীমাৰ ওপৰেৰে বৈছে দিখৌ আৰু ধনশিৰি নদী। ইফালে ব্ৰহ্মপুত্ৰৰ জলস্তৰো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আনহাতে কাছাৰত বৰাক নদীৰ জলস্তৰো বৃদ্ধি পাইছে। অৱশ্যে এতিয়াও দুয়োখন প্ৰধান নদীৰ বিপদ সীমাৰ তলেৰে বৈ আছে। ইয়াৰ লগতে চাওক দিনটোৰ শীৰ্ষ খবৰ...

কংগ্ৰেছৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ তুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তামুলপুৰত এক অনুষ্ঠানত অংশ লৈ শৰ্মাই কয় যে কংগ্ৰেছে মুছলমানৰ ভোট লয়, কিন্তু মেলে-মিটিঙে আহিলে মুছলমানৰ পৰম্পৰাগত পোছাক আৰু টুপী পিন্ধি নাহিবলৈ কয়। বিজেপিয়ে কোনো লোকক তেনে নিৰ্দেশ নিদিয়ে বুলিও মুখ্যমন্ত্ৰীয়ে দোহাৰে।

ৰাজ্যত পুনৰ উদ্ভৱ হৈছে বান পৰিস্থিতি। বিপদসীমাৰ ওপৰেৰে বৈছে দিখৌ আৰু ধনশিৰি নদী। ইফালে ব্ৰহ্মপুত্ৰৰ জলস্তৰো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আনহাতে কাছাৰত বৰাক নদীৰ জলস্তৰো বৃদ্ধি পাইছে। অৱশ্যে এতিয়াও দুয়োখন প্ৰধান নদীৰ বিপদ সীমাৰ তলেৰে বৈ আছে।

দীৰ্ঘদিনীয়া সীমা সমস্যা চলি থকাৰ মাজতেই অসম-মেঘালয় সীমান্তত স্থাপন কৰা হ’ল প্ৰথমটো সীমাৰ খুটি। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে এই কথা। এক্সত এটা পোষ্টত ডঃ শৰ্মাই কয়, “অসম-মেঘালয় সীমান্তত স্থাপন প্ৰথম সীমা খুটি। “২০২২ চুক্তি কাৰ্যকৰী” কৰাৰ দিশত এয়া এক পদক্ষেপ বুলি শৰ্মাই এক্সত এক পোষ্টত কয়।

ইয়াৰ লগতে চাওক দিনটোৰ শীৰ্ষ খবৰ