Assam News: দীপক শৰ্মাৰ দেহাৱসানৰ পৰা আফগানিস্তানৰ ভূমিকম্পলৈ দিনটোৰ শীৰ্ষ খবৰ

Nov 03, 2025 | 11:03 PM

আজি ৩ নৱেম্বৰৰ দিনটোত বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। দীপক শৰ্মাৰ দেহাৱসানৰ পৰা আফগানিস্তানৰ ভূমিকম্পলৈ পলকতে চাওক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া। মইনাজান বৰশইকীয়া গাঁৱত প্ৰায় ১৫ মিটাৰ অংশ খহাই নিয়ে ব্ৰহ্মপুত্ৰই। হঠাৎ প্ৰায় চাৰি ফুট জলস্তৰ বৃদ্ধি ব্ৰহ্মপুত্ৰৰ। এই খনহীয়াই ডিব্ৰুগড় চহৰ আৰু অসম চিকিৎসা মহাবিদ্যালয়লৈ ভাবুকি কঢ়িয়াই আনিছে।

ৰাজ্যবাসীৰ বাবে আন এক শোকৰ খবৰ। বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা আৰু নাই। জটিল ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল বাঁহীবাদকগৰাকী। চেন্নাইত চিকিৎসাধীন অৱস্থাত আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে দীপক শৰ্মাই। যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ আছিল দীপক শর্মা।

পুনৰ জনজাতি কৰণৰ দাবীত কপিল চৰাইদেউ জিলাৰ সদৰ সোণাৰি। চৰাইদেউ জিলা চাওঁতাল ছাত্ৰ সন্থাৰ লগতে চৰাইদেউবাসী চাওঁতাল জনগোষ্ঠীৰ তিনি সহস্ৰাধিক লোকে জনজাতিকৰণৰ দাবীত কঁপাই তোলে সোণাৰিৰ ৰাজপথ।

ইয়াৰ লগতে চাওক দিনটোৰ শীৰ্ষ খবৰ