ৰাজ্যিক বিজেপিৰ কাৰ্যনিবাহক সভাৰ পৰা কংগ্ৰেছৰ ওৱৰ্কিং কমিটীৰ বৈঠকলৈ… দিনটোৰ শীৰ্ষ খবৰ

Dec 27, 2025 | 11:10 PM

চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।

দুদিনীয়াকৈ অনুষ্ঠিত অসম বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ আজি অন্তিম দিন। এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰতিটো নিৰ্বাচনেই ৰক্ষাৰ যুঁজ। প্ৰতিটো নিৰ্বাচনেই জীয়াই থকাৰ যুঁজ। ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ অন্তিম দিনটোত আজি উপস্থিত থাকে দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন আৰু ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বি এল সন্তোষ। ২০২৬ ৰ নিৰ্বাচনত দলটো কিদৰে যুঁজত নামিব তাৰ ৰণকৌশল সন্দৰ্ভত আলোকপাত কৰে দুয়োগৰাকী ৰাষ্ট্ৰীয় নেতাই।

ৰাজ্যৰ পৰিৱৰ্তিত জনগাঁথনিক লৈ উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে ২০১১ চনৰ লোকপিয়লত হিন্দু আৰু মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ হাৰৰ পাৰ্থক্য এটি চিন্তাৰ বিষয়। ৩% অসমীয়া মুছলমানক বাদ দিলে ২০১১ চনত বাংলাদেশৰ পৰা বিভিন্ন সময়ত প্ৰব্ৰজন কৰা মুছলমানৰ সংখ্যা ৩১% ৷ ২০২৭ৰ লোকপিয়লত অসমত বাংলাদেশী মূলৰ মিঞা মুছলমানৰ বৰ্ধিত সংখ্যা কিমান বাঢ়িব সেয়া চিন্তনীয়।