এফালৰ পৰা বুলড’জাৰে ভাঙিছে ঘৰ, গোৱালপাৰাত কান্দোনৰ ৰোল

Jul 12, 2025 | 8:05 PM

আজি গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত চলিছে উচ্ছেদ অভিযান। প্ৰশাসনৰ নিৰ্দেশ মৰ্মে প্ৰায় ১০৩৮ বিঘা মাটিত বেদখল উচ্ছেদ কৰিবলৈ নামিল বিশাল বাহিনী।

পুৱা ঠিক পাঁচ বাজিছে, ঘৰ ঘৰকৈ শব্দ কৰি চলিল বুলড’জাৰ। এখন দুখন নহয়, একেলগে ৫০ খন বুলড’জাৰ। আশে-পাশে দেখা গ’ল সুজ্জিত প্ৰায় ১৮০০ নিৰাপত্তাকৰ্মীৰ এক বিশাল দল। লক্ষ্য উচ্ছেদ। হয়, আজি গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত চলিছে উচ্ছেদ অভিযান। প্ৰশাসনৰ নিৰ্দেশ মৰ্মে প্ৰায় ১০৩৮ বিঘা মাটিত বেদখল উচ্ছেদ কৰিবলৈ নামিল বিশাল বাহিনী।

উচ্ছেদক লৈ ইতিমধ্যে উত্তাল হৈ আছে ৰাজ্য। অতিশেহতীয়াকৈ গোলালপাৰাৰ হাচিলা বিল আৰু ধুবুৰীৰ চাপৰ অঞ্চলত প্ৰশাসনে চলাইছিল উচ্ছেদ অভিযান। চৰকাৰী ভূমিত বসবাস কৰা একাংশ বংগমূলীয় মুছলমান লোকক উচ্ছেদ কৰা হৈছিল সেই স্থানৰ পৰা। তাৰ পাছতেই উচ্ছেদৰ বিৰুদ্ধে সৰব হৈ পৰে বিৰোধী শক্তি। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ চাপৰত উচ্ছেদ চলাৰ দিনা উপস্থিত হৈছিল সেইস্থানত, উদ্দেশ্য উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ। কিন্তু আৰক্ষীয়ে আটক কৰি অখিল গগৈক সেই স্থানৰ পৰা আঁতৰাই আনে। এই উচ্ছেদৰ বিৰুদ্ধে চৰকাৰক তীব্ৰ সমালোচনা কৰে অখিল গগৈয়ে। গোৱালপাৰাত উচ্ছেদিতৰ কাষত ৰৈ তেওঁলোকক শান্তনা দিয়াৰ লগতে চৰকাৰক বিভিন্ন ধৰণে সমালোচনা কৰা দেখা গ’ল বিধায়কগৰাকীক।

ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ে উচ্ছেদ স্থগিত ৰাখিবলৈ দিয়া নিৰ্দেশৰ উদ্ধৃতি দি কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনেও চৰকাৰক তীব্ৰ কটাক্ষ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইসকল লোকৰ সৈতে বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলিছিল সাংসদ ৰকিবুল হুছেইনে। এ আই ইউ ডি এফৰ বিধায়কসকলে চাপৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ মাজতেই আটক কৰা হৈছিল ৮ গৰাকী বিধায়কক। ইফালে আজি আমছুৱে উচ্ছেদৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন স্থানত সাব্যস্ত কৰিছে প্ৰতিবাদ।