মই অখিল গগৈৰ কথা বেছিকৈ নকওঁ কাৰণ মই তেওঁৰ ফেচবুক লাইভৰ ভাল ফেন’ – মুখ্যমন্ত্ৰী

Dec 30, 2025 | 7:04 PM

তেওঁ কয়, 'অসমৰ এই অগ্ৰগামী যাত্ৰা যাতে ৰৈ নাযায় আৰু পুৰণি দিন যেন উভতি নাহে তাৰ বাবে বিজেপিক ভোট দিয়ক আৰু আমি ভাল কাম কৰি যাম।'

২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু বিজেপি। প্ৰতিখন সভাতে প্ৰতিশ্ৰুতিৰ ৰাজনীতি লৈ সাজু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নতুন বছৰত ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয়, ‘অসমৰ এই অগ্ৰগামী যাত্ৰা যাতে ৰৈ নাযায় আৰু পুৰণি দিন যেন উভতি নাহে তাৰ বাবে বিজেপিক ভোট দিয়ক আৰু আমি ভাল কাম কৰি যাম।’

ইয়াৰ মাজতে মুখ্যমন্ত্ৰীক গৃহমন্ত্ৰী অসম অহাৰ বাবে অখিল গগৈয়ে বেয়া পোৱা সন্দৰ্ভত প্ৰশ্ন কৰিলে আৰু তেওঁ কয় যে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাব ক্ষেত্ৰত অসমীয়া জাতিৰ আৱেগ জড়িত হৈ আছে। অখিল গগৈ এজন বামপন্থী,গতিকে তেওঁ এইবোৰ ভাল নাপায়। কিন্তু মই আজিকালি অখিল গগৈক বেছি নকও, মই তেওঁৰ ফেচবুক লাইভৰ ভাল ফেন। মই অখিলৰ নহয়, তেওঁৰ ফেচবুক লাইভৰহে ফেন। আজি ৰাতি গৈও চাম কি কয়। আপুনি যদি কমেন্টত কিবা কয় তাতে গালি দিব আৰু বৰ বেলেগ বেলেগ শব্দ কয়।’

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…