Indian Army: ভাৰতীয় সেনাৰ হাতত AI চালিত ত্ৰিনয়ন, কি এই নতুন প্ৰযুক্তি?

Sep 18, 2025 | 8:00 PM

Indian Army: সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে নিৰ্মিত এক AI চালিত নিৰীক্ষণ ছিষ্টেমৰ পেটেণ্ট লাভ কৰিছে ভাৰতীয় সেনাই। এই যুগান্তকাৰী প্ৰযুক্তি নিৰ্মাণ কৰিছে ভাৰতীয় সেনাত কৰ্মৰত এগৰাকী বিষয়াই। তেওঁৰ নাম কুলদ্বীপ যাদৱ।

আত্মনিৰ্ভৰ ভাৰত অভিযানত আন এক গুৰুত্বপূৰ্ণ সাফল্য। এইবাৰ সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে নিৰ্মিত এক AI চালিত নিৰীক্ষণ ছিষ্টেমৰ পেটেণ্ট লাভ কৰিছে ভাৰতীয় সেনাই। এই যুগান্তকাৰী প্ৰযুক্তি নিৰ্মাণ কৰিছে ভাৰতীয় সেনাত কৰ্মৰত এগৰাকী বিষয়াই। তেওঁৰ নাম কুলদ্বীপ যাদৱ।

এই নতুন ছিষ্টেমে কি কাম কৰিব? সহজভাৱে ক’বলৈ গ’লে ৰাডাৰৰ বাবে এক মস্তিষ্কৰ দৰে কাম কৰিব এই ছিষ্টেমে। কোনোধৰণৰ মানৱিক হস্তক্ষেপ নোহোৱাকৈয়ে এই ছিষ্টেমে ৰিয়েল-টাইম ডাটা বিশ্লেষণ কৰি শত্ৰু পক্ষৰ লক্ষ্য চিহ্নিত কৰিবলৈ সক্ষম হ’ব। ইয়াৰ ফলত সীমান্ত নিৰীক্ষণৰ কাম আৰু দ্ৰুত তথা নিৰ্ভুলভাৱে কৰিব পৰা যাব।

এই নতুন প্ৰযুক্তিয়ে প্ৰমাণ কৰে, প্ৰযুক্তিগত আত্মনিৰ্ভৰতাৰ দিশত কিদৰে দ্ৰুত গতিত আগুৱাইছে ভাৰতীয় সেনা। সেনাৰ তৰফৰ পৰা এক্স হেণ্ডেলযোগে জনোৱা হৈছে যে এই সাফল্যই দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰত উদ্ভাৱনী মানসিকতাক অধিক উৎসাহিত কৰিব।

কৰ্ণেল কুলদ্বীপ যাদৱৰ এইটোৱেই প্ৰথম উদ্ভাৱন নহয়। ইয়াৰ পূৰ্বেও তেওঁ দুৰ্ঘটনা ৰোধ কৰাত সক্ষম এক যন্ত্ৰ সাজি উলিয়াইছিল। AI চালিত এই যন্ত্ৰৰ বাবে পেটেণ্ট লাভ কৰিছিল কৰ্ণেল যাদৱে।

প্ৰতিৰক্ষা বিশেষজ্ঞৰ মতে, এই নতুন প্ৰযুক্তিয়ে দেশৰ প্ৰতিৰক্ষা ব্যৱস্থাক এক নতুন মাত্ৰা প্ৰদান কৰিব। বিশেষকৈ দেশৰ পূব সীমান্তৰ নিৰাপত্তা আৰু অধিক কটকটীয়া হ’ব। ই প্ৰমাণ কৰে যে ভাৰতীয় সেনা এতিয়া কেৱল বিশ্বৰ অন্যতম প্ৰযুক্তি ব্যৱহাৰকাৰীয়েই নহয়, প্ৰযুক্তিৰ উদ্ভাৱকো।