ভাৰত মোৰ প্ৰেৰণা, মোৰ শিক্ষাগুৰু আৰু মোৰ ঘৰ: এ আৰ ৰহমান

Jan 20, 2026 | 7:30 PM

সমালোচনাৰ সন্মুখীন হৈ ৰহমানে ভিডিঅ’ বাৰ্তাত কয় যে, সংগীত সদায় তেওঁৰ বাবে মানুহক একত্ৰিত কৰাৰ এক মাধ্যম হৈ আহিছে। তেওঁ কয়, “সংগীত মোৰ বাবে সদায় সাংস্কৃতিক উদযাপন আৰু সন্মান কৰাৰ এক উপায়। ভাৰত মোৰ প্ৰেৰণা, মোৰ শিক্ষাগুৰু আৰু মোৰ ঘৰ”।

শেহতীয়াকৈ বলীউড সন্দৰ্ভত কৰা মন্তব্যক লৈ সমগ্ৰ দেশতে যি বিতৰ্কৰ সৃষ্টি হৈছে, সেই বিষয়ত অৱশেষত মুকলিকৈ ক’লে সংগীতৰ যাদুকৰ এ আৰ ৰহমানে। অস্কাৰ বিজয়ী সংগীতশিল্পীগৰাকীয়ে কয় যে, তেওঁৰ বক্তব্যৰ ভুল ব্যাখ্যা কৰা হৈছে আৰু তেওঁৰ কাকো আঘাত দিয়াৰ কোনো উদ্দেশ্য নাছিল। শেহতীয়াকৈ তেওঁ ইনষ্টাগ্ৰামত ভিডিঅ’ মেছেজৰ জৰিয়তে নিজৰ স্থিতি বিতংভাৱে উল্লেখ কৰে ।