Anil Ambani Scam Controversy: ৩ হাজাৰ কোটি টকাৰ ঋণ জালিয়াতি, অনিল আম্বানীলৈ ED ৰ জাননী

Aug 02, 2025 | 11:27 PM

বিগত ২৪ জুলাইৰ পৰা অনিল আম্বানীৰ বিভিন্ন কাৰ্যালয়ত ইডিয়ে চলাই তালাচী। য়েছ বেংকৰ ঋণৰ সৈতে জড়িত আৰ্থিক জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে। ঋণ পোৱাৰ ঠিক আগতে আম্বানী আৰু বেংকৰ বিষয়াৰ মাজত ধনৰ লেনদেন হোৱা বুলিও অভিযোগ উঠিছে।

প্ৰথমে অনুসন্ধান, তাৰ পিছত চমন। উদ্যোগপতি অনিল আম্বানীক ED (Enforcement Directorate) জাৰি কৰিছে চমন। তেওঁৰ কোম্পানীৰ বিৰুদ্ধে ৩ হাজাৰ কোটি টকাৰ ঋণ জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে। বিগত এসপ্তাহত ইডিয়ে তেওঁৰ বিভিন্ন কাৰ্যালয়ত কেইবাবাৰো অভিযান চলায়। কিন্তু এইবাৰ জেৰাৰ বাবে মাতিছে তেওঁক।

ইডিৰ সূত্ৰ অনুসৰি, অহা ৫ আগষ্টত নতুন দিল্লীৰ ইডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ অনিল আম্বানীক কোৱা হৈছে।

বিগত ২৪ জুলাইৰ পৰা অনিল আম্বানীৰ বিভিন্ন কাৰ্যালয়ত ইডিয়ে চলাই তালাচী। য়েছ বেংকৰ ঋণৰ সৈতে জড়িত আৰ্থিক জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে। ঋণ পোৱাৰ ঠিক আগতে আম্বানী আৰু বেংকৰ বিষয়াৰ মাজত ধনৰ লেনদেন হোৱা বুলিও অভিযোগ উঠিছে।

PMLAৰ অধীনত তিনিদিনত ৫০টাতকৈও অধিক স্থানত অনুসন্ধান চলোৱা হয়। অনিল আম্বানী গ্ৰুপ অৱ কোম্পানীৰ কেইবাজনো কাৰ্যবাহীকে ধৰি ২৫জন লোকৰ ঘৰ আৰু কাৰ্যালয়তো তালাচী চলে।