সৰ্থেবাৰীৰ ঐতিহাসিক কাপলা বিলত ভূমি বেদখলৰ অভিযোগ স্থানীয় লোকৰ

| Jan 29, 2026 | 3:46 PM

কাপলা বিলক লৈ সৌন্দৰ্য্যবৰ্ধন আঁচনি গ্ৰহণ কৰাৰ প্ৰয়োজন আছিল যদিও বিল ধ্বংস যজ্ঞ হে চলি আছে।এই বিলখনৰ লৈ পৰিকল্পিত ভাবে আঁচনি গ্ৰহণ কৰিলেই এই বিলখন হৈ পৰিব অসমৰ এখন বিখ্যাত পৰ্যটনৰ কেন্দ্ৰ।

প্ৰকৃতিৰ এক অপূৰ্ব দান সৰ্থেবাৰীৰ ঐতিহাসিক কাপলা বিল। হাজাৰ হাজাৰ পৰিভ্ৰমী চৰাই, শৰালী হাঁহৰ বিচৰণে শুৱনি কৰিছে কাপলা বিল। কেৱল চৰাইৰ কলৰৱত গুঞ্জৰিত হৈ থাকে কাপলা বিল।চৰাই চাবলৈ দুৰ দুৰণিৰ পৰা আহে বহু লোক। কাপলা বিলৰ হাতবাউল দি মাতিছে বনভোজকাৰী দলক। এইয়াই মহাপুৰুষৰ পদৰেণুৰে ৰঞ্জিত ঐতিহাসিক ককপলা বিল। পিছে দুখৰ বিষয় পৰ্যটনৰ ক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনাৰ থল থকা ঐতিহাসিক কাপলা বিলত প্ৰব্ৰজিত লোকৰ চলিছে আগ্ৰাসন। কাপলাবিলৰ গাতে লাগি থকা বিল জলাশয়ৰ তথা পতিত ভূমিৰ প্ৰায় চাৰি হাজাৰ ভিঘা ভূমি হৈছে বেদখল। প্ৰব্ৰজিত লোকেৰে ভৰিছে কলদি পথাৰ। বিলৰ দাঁতিকাষত এইদৰে প্ৰব্ৰজিত লোকে অবাধৈ বেদখল কৰি বহি লৈ চলাই আছে পক্ষী নিধন যজ্ঞ। কাপলা বিলক লৈ সৌন্দৰ্য্যবৰ্ধন আঁচনি গ্ৰহণ কৰাৰ প্ৰয়োজন আছিল যদিও বিল ধ্বংস যজ্ঞ হে চলি আছে।এই বিলখনৰ লৈ পৰিকল্পিত ভাবে আঁচনি গ্ৰহণ কৰিলেই এই বিলখন হৈ পৰিব অসমৰ এখন বিখ্যাত পৰ্যটনৰ কেন্দ্ৰ।