অসমত বিজেপিৰ কাৰ্যালয় বনাবলৈ কিমান মাটি দিয়া হৈছিল? অখিল গগৈৰ প্ৰশ্ন…

Nov 28, 2025 | 12:41 PM

Akhil Gogoi: বিজেপি চৰকাৰক উদ্দেশ্য কৰি অখিল গগৈয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ কয় যে, অসম চৰকাৰে বিজেপিৰ কাৰ্যালয় নিৰ্মাণ কৰিবলৈ চৰকাৰী মাটি দিছে। বিধানসভাৰ পৰা নিলম্বন কৰাৰ পাছতে এই মন্তব্য কৰে।

বিজেপিৰ ৰাজ্যিক কাৰ্যালয় চৰকাৰী মাটিত নিৰ্মাণ কৰা হৈছে- এই মন্তব্য বিধায়ক অখিল গগৈৰ। তেওঁ কয় যে, বিধানসভাৰ পৰা মোক নিলম্বন কৰিছে। ৰাজ্যত বিজেপিৰ কাৰ্যালয় বনাবলৈ কিমান মাটি দিয়া হৈছিল? উত্তৰত ৬ পৃষ্ঠাযোৰা উত্তৰ দিছে। সদনত মোৰ প্ৰশ্ন থাকিলে পিযুষ হাজৰিকা আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে আগৰ প্ৰশ্ন সমূহৰ উত্তৰ দীঘল কৈ দিয়ে।

তেওঁ আৰু কয় যে, অসমৰ বহুতো চৰকাৰী মাটিত PGR, VGR ত বিজেপিৰ কাৰ্যালয় বনোৱা হৈছে। বশিষ্ঠৰ কাৰ্যালয় নিৰ্মাণৰ বাবে ৪ বিঘা চৰকাৰী ভূমি ল’লে বিজেপিয়ে। অসমৰ ৬ লাখ মানুহ মথাউৰিৰ ওপৰত বাস কৰে। কিন্তু বিজেপিৰ অফিচ বনাবলৈ ভূমি দান চলি আছে।

সবিশেষৰ বাবে চাওক ভিডিঅ’