বিজেপিৰ কাৰ্যালয় বনাবলৈ ৩৪টা স্থানত চৰকাৰী মাটি আবণ্টন! অভিযোগ অখিল গগৈৰ
মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বক্তব্য আগবঢ়োৱাৰ সময়তে অখিল গগৈয়ে শাসকীয় চৰকাৰৰ বিৰুদ্ধে এক অভিযোগ তুলিছে। তেওঁৰ অভিযোগ মতে ৰাজ্য চৰকাৰে বিজেপিৰ কাৰ্যালয় নিৰ্মাণৰ বাবে ৰাজ্যৰ ৩৪ টা স্থানত চৰকাৰী মাটি আবণ্টন দিছে। অখিল গগৈৰ এই অভিযোগৰ পিছতে সৃষ্টি হৈছে বিতৰ্কৰ।
চলি আছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন। বিধানসভাৰ মজিয়াত অধিৱেশনৰ সময়ছোৱাত দেখা গৈছে শাসক আৰু বিৰোধীৰ তীব্ৰ বাদ-বিবাদ। পূৰ্বৰ দৰেই আজিও সদনৰ মজিয়াত আক্ৰমণাত্মক ৰূপ লয় ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। সদনৰ মজিয়াত অখিল গগৈয়ে তীব্ৰ ৰূপ লোৱাৰ পিছতে তেওঁৰ বিধানসভাৰ পৰা নিলম্বন কৰা হয়। ইফালে প্ৰশ্নোত্তৰৰ সময়তে অখিল গগৈয়ে তুলিছে এক অভিযোগ।
মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বক্তব্য আগবঢ়োৱাৰ সময়তে অখিল গগৈয়ে শাসকীয় চৰকাৰৰ বিৰুদ্ধে এক অভিযোগ তুলিছে। তেওঁৰ অভিযোগ মতে ৰাজ্য চৰকাৰে বিজেপিৰ কাৰ্যালয় নিৰ্মাণৰ বাবে ৰাজ্যৰ ৩৪ টা স্থানত চৰকাৰী মাটি আবণ্টন দিছে। অখিল গগৈৰ এই অভিযোগৰ পিছতে সৃষ্টি হৈছে বিতৰ্কৰ। সদনত এই সন্দৰ্ভত কি ক’লে, চাওক ভিডিঅ’…
