নিখুঁত লক্ষ্য, শক্তিশালী আঘাত…ভাৰতীয় সেনাৰ হাতত AK-203
২০৩০ চনৰ ভিতৰত সকলো ইনছাছৰ ৰাইফলৰ ঠাইত এ কে-২০৩ ব্যৱহাৰ কৰা হ’ব। AK-203 ৰ ওজন আৰু আয়তন INSAS তকৈ কম। কিন্তু গুলীৰ আকাৰ ডাঙৰ। ফলত এ কে-২০৩ সৈনিকৰ বাবে আঘাত আৰু কঢ়িয়াই নিয়া দুয়োটা দিশতে অধিক সুবিধাজনক।
এ কে ছিৰিজৰ ৰাইফলৰ বিষয়ে সকলোৱে জানে। এ কে-৪৭, এ কে-৫৬ ৰ নাম নুশুনা মানুহ খুব কমেইহে আছে। ৰাছিয়াৰ অস্ত্ৰ ডিজাইনাৰ মিখাইল কালাছনিকোভ (Mikhail Kalashnikov)ৰ দ্বাৰা নিৰ্মিত এই ৰাইফল বিশ্ববিখ্যাত। এতিয়া আহিছে এ কে-২০৩। পুৰণি বন্দুকতকৈ অধিক নিপুন আৰু ঘাতক এই ৰাইফল।
এই বন্দুকটো নিৰ্মাণ কৰা হৈছে উত্তৰ প্ৰদেশৰ আমেথিৰ এটা কাৰখানাত। ইয়াক ভাৰত আৰু ৰাছিয়াৰ যৌথ উদ্যোগ ইণ্ডো-ৰাছিয়ান ৰাইফলছ প্ৰাইভেট লিমিটেডে নিৰ্মাণ কৰিছে। নতুন ৰাইফলটোৰ নাম ৰখা হৈছে শ্বেৰ। প্ৰতি মিনিটত ৭০০ গুলী নিক্ষেপ কৰিব পাৰে শ্বেৰে। ইয়াৰ ৰেঞ্জ ৮০০ মিটাৰ। ইয়াত বিশেষ অপটিকেল চাইটিং চিষ্টেম আছে, যাৰ বাবে এই বন্দুকটোৰ লক্ষ্য নিখুঁত।
ভাৰতীয় সেনা আৰু অৰ্ধসামৰিক বাহিনীয়ে বৰ্তমান বেছিভাগেই ভাৰতীয় ক্ষুদ্ৰ অস্ত্ৰ ব্যৱস্থা অৰ্থা অৰ্থাৎ INSAS ৰাইফল ব্যৱহাৰ কৰে।
২০৩০ চনৰ ভিতৰত সকলো ইনছাছৰ ৰাইফলৰ ঠাইত এ কে-২০৩ ব্যৱহাৰ কৰা হ’ব। AK-203 ৰ ওজন আৰু আয়তন INSAS তকৈ কম। কিন্তু গুলীৰ আকাৰ ডাঙৰ। ফলত এ কে-২০৩ সৈনিকৰ বাবে আঘাত আৰু কঢ়িয়াই নিয়া দুয়োটা দিশতে অধিক সুবিধাজনক।
এই ৬ লাখ নতুন ৰাইফলৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইণ্ডো-ৰাছিয়ান ৰাইফলছ প্ৰাইভেট লিমিটেডক ৫ হাজাৰ কোটি টকাৰ চুক্তি প্ৰদান কৰিছে। প্ৰথম পৰ্যায়ত ৫০ হাজাৰ এ কে ২০৩ বিমান বাহিনীক গতাই দিয়া হৈছে। প্ৰথম অৱস্থাত এই বন্দুক পাকিস্তান আৰু চীন সীমান্তত নিয়োজিত সৈনিকক ব্যৱহাৰৰ বাবে প্ৰদান কৰা হ’ব।