শহুৰেকৰ জন্মদিনত কি কৰিলে ঐশ্বৰ্যই? আলোচিত কথাবোৰেই সঁচা নেকি?
শহুৰেক অমিতাভ বচ্চনৰ জন্মদিন উপলক্ষে বিশেষ পোষ্ট ঐশ্বৰ্য ৰায় বচ্চনৰ। ইয়াৰ পাছতে দীৰ্ঘদিন ধৰি চলি থকা বচ্চন পৰিয়ালক লৈ জল্পনা-কল্পনাৰ কিছু অন্ত পৰিছে।
বচ্চন পৰিয়ালক লৈ বহু সময়ত বহু কথা পোহৰলৈ আহে। দীৰ্ঘদিন ধৰি খবৰ চলিছিল যে ঐশ্বৰ্য-অভিষেকৰ মাজত সম্পৰ্ক এতিয়া ভাল নহয়। অৱশ্যে এই আলোচনাৰ পাছত দুয়োকে একেলগে দেখিবলৈ পোৱা গৈছিল। এয়াও কোৱা হয়, বচ্চন পৰিয়ালৰ সৈতে ঐশ্বৰ্য ৰায়ৰ সম্পৰ্ক ভাল নহয়।
শনিবাৰে ৮৩ বছৰীয়া জন্মদিন পালন কৰে অমিতাভ বচ্চনে। যোৱাবাৰ ঐশ্বৰ্য ৰায়ে শহুৰেকৰ জন্মদিনত সামাজিক মাধ্যমত কোনো পোষ্ট কৰা নাছিল। কিন্তু এইবাৰ ঐশ্বৰ্য ৰায়ে সামাজিক মাধ্যমত পোষ্ট কৰি শহুৰেকক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে। ইয়াৰ পাছতে বহুতে কৈছে যে, বচ্চন পৰিয়ালৰ মাজৰ সম্পৰ্ক কিছু পৰিমাণে উন্নত হৈছে।
অমিতাভ বচ্চনৰ জন্মদিন উপলক্ষে দেশ-বিদেশৰ বহু অনুৰাগীয়ে তেওঁক শুভেচ্ছা জ্ঞাপন কৰে। ইয়াৰোপৰি তেওঁৰ বাসগৃহত বহু অনুৰাগী উপস্থিত হৈ তেওঁক শুভেচ্ছা জ্ঞাপন কৰে।