৪ কোটি টকাৰ ক্ষতিপূৰণ দাবীৰে ইউটিউব-গুগলৰ বিৰুদ্ধে গোচৰ অভিষেক-ঐশ্চৰ্যৰ
তেওঁলোকৰ ব্যক্তিগত মৰ্যাদাক খৰ্ব কৰাৰ লগতে গোপনীয়তাৰ অধিকাৰো খৰ্ব কৰা বুলি অভিযোগ কৰি অভিষেক আৰু ঐশ্চৰ্যই ইউটিউব আৰু গুগলৰ বিৰুদ্ধে গোচৰ তৰি প্ৰায় প্ৰায় ৪ কোটি টকা ক্ষতিপূৰণ বিচাৰিছে।
বলীউড জগতৰ বহুচৰ্চিত যুটি অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চনে দিল্লী উচ্চ ন্যায়ালয়ত তৰিছে এক গোচৰ। ইউটিউব আৰু ইয়াৰ মূল কোম্পানী গুগলৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছে দম্পতীহাল। কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) অপব্যৱহাৰ কৰি বিভ্ৰান্তিকৰ তথা মানহানিকাৰক ডিপফেক ভিডিঅ’ সৃষ্টি কৰাৰ বিষয়ত এই পন্থা গ্ৰহণ কৰিছে অভিষেক আৰু ঐশ্বৰ্যই। প্ৰকাশিত প্ৰতিবেদন মতে দম্পতীহালে এই গোচৰত AI ব্যৱহাৰ কৰি তেওঁলোকৰ ছবি, মুখাৱয়ব তথা কণ্ঠ বিকৃত কৰি বহু অশ্লীন আৰু কাল্পনিক ভিডিঅ’ প্ৰচাৰ কৰাৰ অভিযোগ তুলিছে।
এইদৰে তেওঁলোকৰ ব্যক্তিগত মৰ্যাদাক খৰ্ব কৰাৰ লগতে গোপনীয়তাৰ অধিকাৰো খৰ্ব কৰা বুলি অভিযোগ কৰি অভিষেক আৰু ঐশ্চৰ্যই ইউটিউব আৰু গুগলৰ বিৰুদ্ধে গোচৰ তৰি প্ৰায় প্ৰায় ৪ কোটি টকা ক্ষতিপূৰণ বিচাৰিছে।