দিব লাগিব চৰম মূল্য! একালৰ বন্ধু মাস্কক কিয় এই সকীয়নি দিলে ট্ৰাম্পে?

Jun 09, 2025 | 12:08 AM

শেহতীয়া কিছুদিনত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু বিশ্বৰ আটাইতকৈ ধনৱন্ত ব্যক্তি ইলন মাস্কৰ মাজৰ সংঘাতে তেওঁলোকৰ পূৰ্বৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কতকৈও অধিক চৰ্চা লাভ কৰিছে। এতিয়া আনকি একালৰ বন্ধু মাস্কক মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে চৰম সকীয়নিও প্ৰদান কৰিছে। কিয় আৰু কিদৰে ট্ৰাম্পে মাস্কক সকীয়নি প্ৰদান কৰিছে চাওঁ আহক।

বিগত আমেৰিকান ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰত্যক্ষ ৰূপত জড়িত হৈ পৰিছিল বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কে। এই নিৰ্বাচনত ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পৰ প্ৰতি মাস্কে প্ৰত্যক্ষভাৱে সমৰ্থন আগবঢ়াইছিল। আনকি ট্ৰাম্পৰ হৈ নিৰ্বাচনত প্ৰচাৰো চলাইছিল মাস্কে। দুয়োৰে বন্ধুত্বই লাভ কৰিছিল ব্যাপক চৰ্চা। আৰু দুয়োৰে এই বন্ধুত্বৰ চিন নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতো প্ৰতিফলিত হৈছিল। নিৰ্বাচনত জয়লাভ কৰি ট্ৰাম্পে ইলন মাস্কৰ বাবেই এক সম্পূৰ্ণ নতুন প্ৰশাসনিক কাৰ্যালয় সৃষ্টি কৰিছিল। পিছে দুয়োৰে এই বন্ধুত্ব বেছিদিনৰ বাবে নিটিকিল।

শেহতীয়া কিছুদিনত দুয়োৰে মাজৰ সংঘাতে পূৰ্বৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কতকৈও অধিক চৰ্চা লাভ কৰিছে। এতিয়া আনকি একালৰ বন্ধু মাস্কক মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে চৰম সকীয়নিও প্ৰদান কৰিছে। কিয় আৰু কিদৰে ট্ৰাম্পে মাস্কক সকীয়নি প্ৰদান কৰিছে চাওঁ আহক।