প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নতুন ঠিকনা কি হ’ব?

Aug 18, 2025 | 8:15 PM

অহা মাহত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় স্থানান্তৰ কৰা হ’ব চাউথ ব্লকৰ পৰা। ইয়াৰ পৰিৱৰ্তে ১০০ মিটাৰ দূৰৈৰ এক্সিকিউটিভ এনক্লেভলৈ লৈ যোৱা হ’ব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়।

স্বাধীনতাৰ পিছৰে পৰা ৰাইচিনা হিলৰ চাউথ ব্লকেই আছিল ঠিকনা। মন্ত্ৰী, সাংসদ, ব্যৱসায়ী, উদ্যোগপতি, সমাজৰ সকলো গণ্যমান্য ব্যক্তিয়ে অনুমতি সাপেক্ষে প্ৰধানমন্ত্ৰীক লগ কৰিবলৈ আহিছিল ইয়ালৈ। কিন্তু স্বাধীনতাৰ ৭৯ সংখ্যক বৰ্ষত সলনি হ’ব সেয়া ৷ নতুন দিল্লীত সলনি হৈছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ঠিকনা।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম এনডিটিভিৰ এক প্ৰতিবেদন অনুসৰি অহা মাহত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় স্থানান্তৰ কৰা হ’ব চাউথ ব্লকৰ পৰা। ইয়াৰ পৰিৱৰ্তে ১০০ মিটাৰ দূৰৈৰ এক্সিকিউটিভ এনক্লেভলৈ লৈ যোৱা হ’ব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়। চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ অধীনত নতুনকৈ নিৰ্মাণ কৰা হৈছে এক্সিকিউটিভ এনক্লেভ। কেৱল প্ৰধানমন্ত্ৰীয়েই নহয়, কেবিনেট আৰু নিৰাপত্তা পৰিষদৰ বিভিন্ন কাৰ্যালয়ো থাকিব আছে ইয়াতেই।

জানিব পৰা মতে, নতুন কাৰ্যালয়ৰ আকাৰ পূৰ্বৰ কাৰ্যালয়তকৈ বহু বিশাল। আৰু ইয়াক বেছ অত্যাধুনিকভাৱে নিৰ্মাণ কৰা হৈছে। চেণ্ট্ৰেল ভিষ্টা প্রকল্পৰ অধীনত নির্মিত বিভিন্ন কার্যালয় আৰু পথৰ নাম উল্লেখ কৰা হৈছে যদিও প্রধানমন্ত্রীৰ কার্যালয়ৰ নাম এতিয়াও চূড়ান্ত হোৱা নাই ৷ অৱশ্যে এই নতুন কাৰ্যালয়ৰ বাবে জনসেৱাক প্ৰতিফলিত কৰা নাম এটাৰ কথা চিন্তা কৰা জানিব পৰা গৈছে।

চলিত মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ অধীনত প্ৰথমটো ভৱন বা দত্ত ভৱন উদ্বোধন কৰে। এই দত্ত ভৱনত কেন্দ্রীয় চৰকাৰৰ বিভিন্ন কার্যালয় আছে ৷ ইয়াতেই গৃহ মন্ত্ৰালয়ো আছে। দত্ত ভৱনত আৰু ৩টা অট্টালিকা নিৰ্মাণ কৰা হ’ব। নৰেন্দ্ৰ মোদীয়ে ইয়াৰে দত্ত ভৱন-৩ উদ্বোধন কৰে। ২ আৰু ১ নং অট্টালিকাৰ কাম অতি সোনকালে সম্পূৰ্ণ হ’ব।