পাকিস্তানে এইবাৰ পাব ৬৮৭৩ কোটিতকৈও অধিক টকাৰ ঋণ…

Jun 05, 2025 | 6:17 PM

এইবাৰ পাকিস্তানে লাভ কৰিব ৮০ কোটি ডলাৰৰ আৰ্থিক অনুদান। ভাৰতীয় মুদ্ৰাত এই ধনৰাশি ৬৮৭৩ কোটিতকৈও অধিক। ইতিমধ্যে এছিয়ান ডেভেলপমেণ্ট বেংকে পাকিস্তানৰ বাবে এই ধন অনুমোদন জনাইছে।

এটাৰ পৰা আন এটা সংস্থাৰ পৰা ঋণ লৈ ফুৰিছে পাকিস্তানে। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ পাছত এইবাৰ পাকিস্তানে এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা বিপুল পৰিমাণৰ আৰ্থিক অনুদান লাভ কৰিব। দেশখনে উন্নয়নৰ নামত এনে  বৃহৎ পৰিমাণৰ ধন লাভ কৰি আহিছে।  জানিব পৰা মতে এইবাৰ পাকিস্তানে লাভ কৰিব ৮০ কোটি ডলাৰৰ আৰ্থিক অনুদান। ভাৰতীয় মুদ্ৰাত এই ধনৰাশি ৬৮৭৩ কোটিতকৈও অধিক। ইতিমধ্যে এছিয়ান ডেভেলপমেণ্ট বেংকে পাকিস্তানৰ বাবে এই ধন অনুমোদন জনাইছে।

কিন্তু ভাৰতে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে। ভাৰতে কৈছে যে, পাকিস্তানে এই ধন সন্ত্ৰাসবাদ লালন-পালন কৰাৰ নামত ব্যৱহাৰ কৰিব পাৰে।  ইয়াৰোপৰি প্ৰতিৰক্ষা ক্ষেত্ৰত ধন ব্যয় কৰিব বুলি উদ্বেগ প্ৰকাশ কৰিছে ভাৰতে।