শ্বাহৰুখ খানক প্ৰচণ্ড চৰ অভিনেত্ৰীৰ! পিছে কাৰণ কি?

Oct 06, 2025 | 7:17 PM

Shahrukh Khan: বলীউড অভিনেতা শ্বাহৰুখ খানক প্ৰচণ্ড চৰ এগৰাকী অভিনেত্ৰীৰ! এই কথা অভিনেত্ৰীগৰাকীয়ে নিজেই প্ৰকাশ কৰিছে। পিছে কি কাৰণে চৰ মাৰিবলগীয়া হয়?

বলীউডৰ পৰা বিভিন্ন সময়ত বহু খবৰ পোহৰলৈ আহে। শেহতীয়াকৈ এক খবৰ পোহৰলৈ আহিছে। এগৰাকী অভিনেত্ৰীয়ে প্ৰচণ্ড চৰ সোধাই কিং খানক। এক সাক্ষাৎকাৰৰ সময়ত প্ৰিয়া গিল নামৰ অভিনেত্ৰীগৰাকীয়ে নিজেই এই কথা প্ৰকাশ কৰিছিল। তেওঁ কৈছিল, কেনেকৈ ‘জোছ’ নামৰ ছবিখনৰ শ্বুটিং কৰি থকাৰ সময়ত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল।

তেওঁ কয় যে, জোছ নামৰ ছবিখনত প্ৰিয়াৰ লগতে শ্বাহৰুখ খানেও অভিনয় কৰিছিল। এই ছবিৰ শ্বুটিং চলি থকা সময়ত এটা দৃশ্যত তেওঁ শ্বাহৰুখক চৰ মাৰিবলগীয়া আছিল। প্ৰিয়া আছিল শ্বাহৰুখৰ অনুৰাগী। যাৰ বাবে নিৰ্দেশকে বাৰে বাৰে কোৱাৰ পাছতো তেওঁ চৰ মাৰিব পৰা নাছিল। আনকি শ্বাহৰুখ খানে নিজেই চৰ মৰাৰ কথা কৈছিল।

অৱশেষত তেওঁ চৰ মাৰিছিল। তেওঁ কয় যে, এয়া আছিল তেওঁৰ কেৰিয়াৰৰ অন্যতম মুহূৰ্ত।