২৫ বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ ‘জামতাৰা ২’ৰ অভিনেতাৰ
খবৰ অনুসৰি জীৱনৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে ২৫ বছৰীয়া শচীনে। অৱশ্যে শচীনে কিয় এনে সিদ্ধান্ত ল’লে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
বলীউডত জগতত আন এক দুখৰ খবৰ। পংকজ ধীৰ, আছৰানী, সতীশ শ্বাহৰ পিছত ‘জামতাৰা ২’ৰ বিখ্যাত অভিনেতা শচীন চন্দৱাদেৰ মৃত্যু। খবৰ অনুসৰি জীৱনৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে ২৫ বছৰীয়া শচীনে। অৱশ্যে শচীনে কিয় এনে সিদ্ধান্ত ল’লে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
অভিনেতা হোৱাৰ উপৰিও শচীন পেছাত এগৰাকী অভিযন্তা। শচীনে পূৰ্বে পুনেৰ এটা আই টি কোম্পানীত কাম কৰিছিল। সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি ২৩ অক্টোবৰত অভিনেতাগৰাকীৰ পৰিয়ালৰ লোকে ফেনত চীপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে। সেই সময়ত তেওঁ জীয়াই আছিল। তাৰ পিছত লগে লগে তেওঁক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হয়। কিন্তু ভাল খবৰ নাহিল। ২৪ অক্টোবৰত চিকিৎসালয়ৰ বিচনাত শচীনে শেষ নিশ্বাস ত্যাগ কৰে।