কৰ ফাঁকিৰ বিৰুদ্ধে ৰাজ্যত অভিযান, ধৰা পৰিছে ৩৩ কোটি কৰ ফাঁকি

Jul 02, 2025 | 10:10 PM

অসম কৰ বিভাগৰ কৰ ফাঁকি দিয়াসকলৰ বিৰুদ্ধে অভিযান। এক সংবাদমেল সম্বোধন কৰি অসম কৰ বিভাগৰ শেহতীয়া কৰ সংগ্ৰহৰ অভিযান সম্পৰ্কে  অৱগত কৰে। 

অসম কৰ বিভাগৰ কৰ ফাঁকি দিয়াসকলৰ বিৰুদ্ধে অভিযান। এক সংবাদমেল সম্বোধন কৰি অসম কৰ বিভাগৰ শেহতীয়া কৰ সংগ্ৰহৰ অভিযান সম্পৰ্কে  অৱগত কৰে।  সংবাদ মেল সম্বোধন কৰে যুটীয়া আয়ুক্ত অৰুনিমা চৌধুৰীয়ে। তেওঁ কয় যে,  কিছু দিনৰ পৰা কৰ সংগ্ৰহৰ হাৰ কিছু হ্ৰাস হৈছিল মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অভিযান তীব্ৰতৰ হৈছে। কিছু ব্যৱসায়ীয়ে কৰ ফাঁকি দি আহিছিল। জুন মাহত ৪৩টা অভিযান চলিছে । ৩৩ কোটি কৰ ফাঁকি ধৰা পৰিছে। ইয়াৰে ৫.৩৪ কোটি টকা ইতিমধ্যে সংগ্ৰহ কৰা হৈছে। একাংশই ৰে’লৱেৰ জড়িয়তেও সামগ্ৰী আনি বৃহৎ কৰ ফাঁকি দি আহিছে।