আজি বিশ্বকৰ্মা পূজা, চৌদিশে চলিছে বিশ্ব খনিকৰৰ আৰাধনা

Vishwakarma Puja 2025: আজি বিশ্বকৰ্মা পূজা। এই পূজা ঐশ্বৰিক শিল্পী বিশ্বকৰ্মাৰ আশীৰ্বাদ বিচাৰি আয়োজন কৰা হয়। বিশ্বকৰ্মাক বেদত জগতৰ সৃষ্টিকৰ্তা বুলি বৰ্ণনা কৰা হৈছে।

আজি বিশ্বকৰ্মা পূজা, চৌদিশে চলিছে বিশ্ব খনিকৰৰ আৰাধনা

আজি বিশ্বকৰ্মা পূজা

Published: 

17 Sep 2025 06:02 AM

Vishwakarma Puja : আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা। পুৱাৰে পৰা পূজাঅৰ্চনাত ব্যস্ত ভক্তসকল। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আয়োজন কৰা হৈছে বিশ্বকৰ্মা পূজা। প্ৰতিটো অনুষ্ঠানপ্ৰতিষ্ঠান, কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠানত আয়োজন কৰা হৈছে বিশ্বকৰ্মা পূজা।

বিশ্বকৰ্মা পূজা প্ৰতি বছৰে কন্যা সংক্ৰান্তিৰ দিনা পালন কৰা হয়। আজিৰ দিনটোতে সূৰ্য্যই ৰাশি সলনি কৰে। ভগৱান বিশ্বকৰ্মাক বিশ্বব্ৰহ্মাণ্ডৰ প্ৰথম অভিযন্তা আৰু খনিকৰ হিচাপে গণ্য কৰা হয়। এই দিনটোত শিপিনী, অভিযন্তা, আৰু শ্ৰমিকসকলে নিজৰ সঁজুলি, যন্ত্ৰ আৰু কৰ্মক্ষেত্ৰৰ পূজা কৰে।

এই দিনটোত পুৱাই সকলোৱে নিজৰ গাড়ীমটৰ, মেচিন, হাতুৰীবতালীকে ধৰি কাৰিকৰী যন্ত্ৰপাতি পৰিষ্কাৰ কৰে। কেৱল যে কাৰিকৰ আৰু শিল্পীসকলেহে এই পূজা কৰে তেনে নহয়, সকলোৱে পালন কৰে বিশ্বকৰ্মা পূজা।

বিশ্বকৰ্মা পূজাৰ সময়ত ভক্তসকলে ভৱিষ্যতৰ উন্নত সম্ভাৱনা, নিৰাপদ কৰ্ম পৰিৱেশ আৰু নিজ নিজ ক্ষেত্ৰত বৃদ্ধি পোৱা সমৃদ্ধিৰ বাবে আশীৰ্বাদ বিচাৰে। তেওঁলোকে নিজৰ সঁজুলি আৰু যন্ত্ৰপাতিসমূহৰ মসৃণ আৰু কাৰ্যক্ষম পৰিচালনাৰ বাবেও প্ৰাৰ্থনা কৰে, যাতে তেওঁলোকৰ কাম সফল আৰু উৎপাদনশীল হৈ থাকে।

ছাল, চুলিৰ লগতে এইসমূহ সমস্যা দূৰ কৰাত নিম পাত অতি উপকাৰী, জানক কেনেকৈ ব্যৱহাৰ কৰিব?
শুভ সংযোগ, আজিৰে পৰা এই ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!
ডেংগু জ্বৰৰ পৰা হাত সাৰি থকাৰ উপায় কি? জানক কেনেকৈ গম পাব লক্ষণ
বৃক্ক সুস্থ ৰাখিবলৈ কি কি খোৱা অনুচিত? ভুলতেও নুচুব এইবোৰ খাদ্য!