সপোনত মৃত আত্মীয়ক দেখা পাই নেকি? ই ভাল নে বেয়া, ক’লে প্ৰেমানন্দ মহাৰাজে…

আমি বিভিন্ন ধৰণৰ সপোন দেখো। এই সপোন কেতিয়াবা ভাল হয়, কেতিয়াবা বেয়া। কেতিয়াবা মৃত আত্মীয়কো সপোনত দেখা পোৱা যায়। এয়া ভাল নে বেয়া?

সপোনত মৃত আত্মীয়ক দেখা পাই নেকি? ই ভাল নে বেয়া, কলে প্ৰেমানন্দ মহাৰাজে...

প্ৰেমানন্দ মহাৰাজ

Updated On: 

30 Jun 2025 11:03 AM

জনপ্ৰিয় বাবা প্ৰেমানন্দ মহাৰাজক আজি কোনে চিনি নাপায়? বৃন্দাবনৰ এই সাধুজন সমগ্ৰ বিশ্বত জনপ্ৰিয় হৈ পৰিছে। বিশ্বত তেওঁৰ কোটি কোটি অনুৰাগী আছে। তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলী আৰু তেওঁৰ পত্নী অনুষ্কা শৰ্মাও প্ৰেমানন্দ মহাৰাজৰ অনুৰাগী। বহু ভক্তই প্ৰতিদিনে মহাৰাজৰ ওচৰলৈ আহে নিজৰ সমস্যাৰ সমাধানৰ বাবে। ভক্তই মহাৰাজৰ পৰা জীৱনৰ লগত জড়িত বিভিন্ন সমস্যাৰ সমাধান বিচাৰে। তেনে এজন ভক্ত মহাৰাজৰ ওচৰলৈ আহিছিল, তেওঁ সুধিছিল – মহাৰাজ, আমি সপোনত যদি মৃত আত্মীয়ক দেখা পাওঁ, তেন্তে ইয়াৰ অৰ্থ কি?

ভক্তৰ প্ৰশ্নৰ উত্তৰত প্ৰেমানন্দ মহাৰাজে কয় – সপোন তিনি প্ৰকাৰৰ। প্ৰথম সপোনটো হ’ল সেই সপোন য’ত মৃত পৰিয়ালৰ সদস্যক দেখা যায়। দ্বিতীয়টো হ’ল য’ত ঈশ্বৰ আৰু সন্তসকলক দেখা যায়। তৃতীয়টো হ’ল যিটোৰ অস্তিত্ব নাই।

চিন্তাৰ বিষয় নে নহয়?

প্ৰেমানন্দ মহাৰাজে কয় যে প্ৰায়ে মানুহৰ মন বহু মানুহৰ লগত সংযুক্ত হৈ থাকে। এই লোকসকল জীয়াই থকাৰ লগতে মৃত আত্মীয়ও হ’ব পাৰে। তেওঁ কয়, যদি সপোনত মৃত আত্মীয়ক দেখা যায়, তেন্তে চিন্তাৰ কোনো কাৰণ নাই।  এনে নহয় যে এয়া বেয়া বা আপুনি কোনো বেয়া কাম কৰিছে। এয়া কোনো বেয়া কামৰ সংকেতো নহয়।  গতিকে এই ক্ষেত্ৰত চিন্তা কৰিবলগীয়া একো নাই।

এনে পৰিস্থিতিত কি কৰা উচিত?

মহাৰাজে আৰু কয় যে যদি আপুনি প্ৰায়ে সপোনত মৃত ব্যক্তিক দেখা পায় তেন্তে দান-বৰঙণি কৰিব পাৰে। দান-বৰঙণি কৰিলে ভাল ফল পোৱা যায়। সপোনত দেখা বুলিয়ে নহয়, এই অভ্যাস সাধাৰণভাৱেও সকলোৰে থাকিব লাগে।  যদি আপুনি  পানী আৰু খাদ্য দান কৰে তেন্তে এই দান পূৰ্বপুৰুষৰ ওচৰ পায়গৈ। দান কৰিলে পূৰ্বপুৰুষসকলে তাৰ পৰাই সন্তুষ্টি লাভ কৰে।

মৃত্যুৰ পিছত দান কৰক

তেওঁ আৰু কয়, পিণ্ডদানো সেইবাবে কৰা হয়। ঘৰৰ বয়োজ্যেষ্ঠসকল জীয়াই থকালৈকে তেওঁলোকৰ সেৱা কৰিব লাগে। লগতে মৃত্যুৰ পাছত তেওঁলোকৰ নামত দান কৰিব লাগে।

 

 

 

অন্য খবৰ পঢ়কঃ ওজন হ্ৰাসৰ বাবে খালী পেটত নেমু ৰস আৰু মৌ খোৱা ভাল নে বেয়া? জানক বিশেষজ্ঞৰ পৰা…

আপুনিও খায় নেকি কেঁচা পিঁয়াজ? স্বাস্থ্যৰ বাবে এয়া ভাল নে বেয়া জানেনে?
বন্ধ হৈ পৰিছে সকলো পথ, হতাশাই আগুৰি ধৰিছে জীৱন! প্ৰেমানন্দ মহাৰাজে দিলে সমাধান...
বহুসময় ধৰি তথা কেইবাবাৰো উতলোৱা চাহ খালে কি ক্ষতি হ’ব পাৰে জানেনে?
আপোনাৰ যকৃতে সঠিকভাৱে কাম কৰি আছেনে? এই ৬টা লক্ষণত গুৰুত্ব দিয়ক