TV9 ASSAM
আমাৰ অধিকাংশ লোকৰে একাপ চাহেৰে দিনটোৰ আৰম্ভণি কৰাৰ অভ্যাস আছে। এই অভ্যাস অৱশ্যে দেহৰ বাবে উপকাৰী নহয়। বহু লোকে দিনটোত কেইবাবাৰো চাহ খোৱা দেখা যায়।
কিছু লোকে দিনটোত ৮-১০ বাৰ চাহ খায়। সেয়ে চাহ বনাই থৈ দিয়ে। পিছত গৰম কৰি যেতিয়াই মন যায় এই চাহ পান কৰে। হোটেল বা চাহৰ দোকানতো প্ৰায়ে এনে কৰা হয়।
ইয়াৰ ফলত পিছে চাহৰ গোন্ধ আৰু সোৱাদ দুয়োটা নষ্ট হয়। সমান্তৰালকৈ ইয়াৰ ফলত দেহৰ বহু ক্ষতি হয় বুলিও বিশেষজ্ঞসকলে জানিবলৈ দিছে।
চাহ বেছি সময় গৰম কৰিলে চাহত থকা কেফেইন আৰু টেনিন নষ্ট হৈ যায়। বাৰে বাৰে গৰম কৰা চাহ খালে খাদ্যনলীত কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় বুলিও কোৱা হয়।
চাহ গৰম কৰিলে চাহপাতত থকা এবিধ বিশেষ বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধি পায়। অধিক বেক্টেৰিয়া থকা চাহ খালে গ্ল’ক’মা আৰু চকুৰ স্নায়ুত প্ৰভাৱ পৰে। ফলত স্মৃতিশক্তি, দৃষ্টিশক্তি হ্ৰাস পাব পাৰে।
চাহত উপকাৰী এণ্টিঅক্সিডেণ্ট কেটেচিন থাকে। গাখীৰত কেচিনৰ দৰে প্ৰটিন থাকে। যদি চাহ বাৰে বাৰে গাখীৰৰ লগত গৰম কৰা হয়, কেটেচিন-কেচিনৰ মিশ্ৰণে চাহৰ উপকাৰিতা নষ্ট কৰে।
ইয়াৰ ফলত ব্যক্তিৰ হজম শক্তিত প্ৰভাৱ পৰে আৰু এই প্ৰভাৱৰ পৰিণতি স্বৰূপে ডায়েৰিয়া আৰু পেটৰ আন সমস্যাৰ সৃষ্টি হ’ব পাৰে।
পঢ়িবলৈ ক্লিক কৰক
কিদৰে শিৱলিংগত পানী দিব লাগে জানেনে?