জীৱন ধ্বংস হৈ যাব, ভুলতো শত্ৰুক নক’ব এই ৩টা কথা!
Chanakya Niti: আচাৰ্য চাণক্যই তেওঁৰ অভিজ্ঞতা আৰু দূৰদৰ্শিতাৰ পৰা যি নীতি ৰচনা কৰিছিল, সেই নীতিয়ে কেৱল ৰাজনীতি বা ৰাজদৰবাৰৰ বাবেই নহয়, সাধাৰণ জীৱনৰ বাবেও পথ প্ৰদৰ্শন কৰে। আজিও তেওঁৰ নীতিত লুকাই থকা জ্ঞানে এজন ব্যক্তিক সফলতা আৰু বিফলতাৰ মাজত সঠিক পথ বাছি লোৱাৰ ক্ষমতা প্ৰদান কৰে।

ভুলতো শত্ৰুক নক'ব এই ৩টা কথা!
Chanakya Niti: হিন্দু শাস্ত্ৰত বেদ, পুৰাণ আৰু উপনিষদ জ্ঞানৰ সাগৰ হ’লেও চাণক্য নীতিক জীৱনৰ ব্যৱহাৰিক পথ প্ৰদৰ্শক হিচাপে গণ্য কৰা হয়। আচাৰ্য চাণক্য কেৱল মৌৰ্য সাম্ৰাজ্যৰ সৃষ্টিকৰ্তা নাছিল, ৰাজনীতি, কূটনীতি আৰু জীৱন কলাৰ বিশেষজ্ঞও আছিল। আজিও তেওঁৰ নীতিয়ে এজন ব্যক্তিক ভাল আৰু ভুলৰ পাৰ্থক্য শিকাইছে।
চাণক্যৰ মতে, এজন ব্যক্তি যিমানেই শক্তিশালী নহওক কিয়, যদি তেওঁ নিজৰ দুৰ্বলতা বা গোপনীয়তা ভুল ব্যক্তিৰ আগত প্ৰকাশ কৰে তেন্তে তেওঁৰ পতন নিশ্চিত। তেওঁ নিজৰ নীতিত স্পষ্টকৈ লিখিছে যে তিনিটা কথা কেতিয়াও শত্ৰুৰ আগত প্ৰকাশ কৰিব নালাগে।
আপোনাৰ দুৰ্বলতা
পৃথিৱীৰ প্ৰতিজন ব্যক্তিৰ জীৱনত কিবা নহয় কিবা দুৰ্বলতা থাকে। কিন্তু চাণক্যই কৈছে যে যদি আপুনি আপোনাৰ দুৰ্বলতা আনক কয়, তেতিয়া মানুহে ইয়াৰ সুবিধা লৈ একে ঠাইতে বাৰে বাৰে আঘাত দিব।
আপোনাৰ পৰিকল্পনা
সফলতাৰ আটাইতকৈ ডাঙৰ চাবিকাঠি হ’ল গোপনীয়তা। আচাৰ্য চাণক্যই শিকাইছিল যে, সময়ৰ আগত কেতিয়াও অসম্পূৰ্ণ বা সম্পূৰ্ণ পৰিকল্পনা প্ৰকাশ নকৰিব কাৰণ আপোনাৰ বিৰোধীয়ে আপোনাৰ পথত বাধাৰ সৃষ্টি কৰাটো সম্ভৱ।
আপোনাৰ দুখ
দুখ সকলোৰে জীৱনত আহে। কিন্তু আপুনি নিজৰ দুখবোৰ আনৰ লগত ভাগ কৰি থাকে তেতিয়া মানুহে আপোনাক দুৰ্বল বুলি ভাবিবলৈ আৰম্ভ কৰিব। চাণক্যই কয় যে, শক্তিশালী মানুহ সেইজনেই যিয়ে নিজৰ দুখ লুকুৱাই ৰাখিও হাঁহিব পাৰে।