হাৰ্ট এটেকৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি জানেনে? জানক চিকিৎসকৰ পৰা…

আজিকালি প্ৰায়ভাগ মানুহে হৃদযন্ত্ৰৰ সমস্যাত ভোগে। ইয়াৰোপৰি বৃদ্ধি পাইছে হাৰ্ট এটেকৰ সংখ্যা। কিন্তু বহু মানুহে ইয়াৰ প্ৰাৰম্ভিক লক্ষণৰ বিষয়ে নাজানে।

হাৰ্ট এটেকৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি জানেনে? জানক চিকিৎসকৰ পৰা...

বিশেষজ্ঞ

Published: 

18 Jul 2025 13:31 PM

TV9 ভাৰতবৰ্ষৰ উদ্যোগত আয়োজন হয় স্বাস্থ্য সন্মিলন ২০২৫। এই অনুষ্ঠানত হৃদযন্ত্ৰৰ লগত জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। এই বিষয়ত নয়ডাৰ কৈলাশ হাস্পতালৰ হৃদৰোগ বিভাগৰ গ্ৰুপ ডাইৰেক্টৰ ডাঃ ডি এছ গম্ভিৰে কয় যে ভাৰতত হৃদৰোগ হৈছে মৃত্যুৰ অন্যতম বৃহৎ কাৰণ। কিন্তু চিন্তনীয় বিষয়টো হ’ল যে বেছিভাগ মানুহেই হাৰ্ট এটেকৰ প্ৰাৰম্ভিক লক্ষণসমূহ চিনি নাপায়।

তেওঁ কয় যে, হৃদযন্ত্ৰৰ লগত জড়িত বিভিন্ন তথ্য, কিছুমান অভ্যাস আদিৰ ফলত এনে সমস্যা হয়। যাৰ বাবে সময়মতে ইয়াৰ চিকিৎসা সম্ভৱ নহয়। তেওঁ কয় যে, ভাৰতৰ বহু লোকে নাজানে যে হাৰ্ট এটেক কেৱল বুকুৰ তীব্ৰ বিষত সীমাবদ্ধ নহয়। ক্লান্তি, বুকুত বিষ, উশাহ লোৱাত কষ্ট, বা বদহজম আদি লক্ষণসমূহো হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ লক্ষণ হ’ব পাৰে। কিন্তু তথ্যৰ অভাৱত মানুহে ইয়াৰ বিষয়ে নাজানে।

প্ৰাৰম্ভিক লক্ষণ

হাৰ্ট এটেক হোৱাৰ সময়ত প্ৰাৰম্ভিক কিছুমান লক্ষণে দেখা দিয়ে। কিন্তু বহুতে ইয়াক আওকান কৰে। ইয়াৰ কিছুমান লক্ষণ তলত উল্লেখ কৰা হল-

  • বুকুখন মৃদু টান হোৱা,
  • দুৰ্বলতা ,
  • ঘাম ওলোৱা,
  • কেতিয়াবা সামান্য বিষ হব পাৰে।

এনে লক্ষণসমূহ মানুহে আওকান কৰে। কিন্তু কেতিয়াবা এইবোৰে ডাঙৰ সমস্যা কৰিব পাৰে।

বুকুৰ বিষ হ’লে ভয় খোৱা আৰু পৰীক্ষা নকৰা

কিছুমান মানুহে বুকুৰ বিষ হ’লে ভয় খায় কিন্তু চিকিৎসকক লগ পোৱাৰ পৰা বিৰত থাকে। ইয়াৰোপৰি বহুতে ভাবে যে খৰচ বহুত হব। যাৰ বাবে এই সমস্যা গুৰুতৰ হব পাৰে।

পৰীক্ষা নকৰাকৈ ঘৰুৱা উপায় চেষ্টা কৰা

বহুতে বুকুৰ বিষ বা বদহজমৰ দৰে লক্ষণবোৰক মৃদু বুলি গণ্য কৰি ঘৰুৱা উপায় চেষ্টা কৰিবলৈ আৰম্ভ কৰে – যেনে আজৱাইন  খোৱা বা গৰম পানী খোৱা বা যিকোনো এচিডিক পাউদাৰ খোৱা। যদি এই বিষ হৃদযন্ত্ৰৰ লগত জড়িত হৈ থাকে আৰু সময়মতে চিকিৎসাৰ সহায় নোপোৱা হয়, তেন্তে পৰিস্থিতি গুৰুতৰ হ’ব পাৰে।

বিষটোক এচিডিটি বুলি ভাবি আওকাণ কৰা

হাৰ্ট এটেকৰ সময়ত পেট বা বুকুত জলা-পোৰা অনুভৱ হ’ব পাৰে, ই এচিডিটিৰ দৰেই। সেয়ে মানুহে গেছ বা বদহজম বুলি ভাবি ঔষধ সেৱন কৰে আৰু ইয়াৰ আচল কাৰণ জনা নাযায়।

সাধাৰণ জনতাই ইয়াৰ বিষয়ে নাজানে

ইয়াৰোপৰি গাঁও বা সৰু চহৰৰ মানুহে ইয়াৰ লক্ষণসমূহৰ বিষয়ে সজাগতা অতি কম। যেনে উশাহ লোৱাত কষ্ট, ভয়, পিঠি বা বুকুৰ বিষ। মানুহে এইবোৰক হৃদযন্ত্ৰৰ লগত জড়িত নকৰে, যাৰ বাবে চিকিৎসা সময়মতে কৰা নহয়।

 

অন্য খবৰ পঢ়কঃ এনিমিয়াৰ লক্ষণ, কাৰণ আৰু প্ৰতিকাৰৰ উপায়, জানক বিশেষজ্ঞৰ পৰা…

Sawan 2025: শাওনৰ প্ৰথম সোমবাৰে এই মন্ত্ৰৰে কৰক শিৱক আৰাধনা, পূৰণ হ’ব সকলো ইচ্ছা!
ভগৱান শিৱৰ প্ৰিয় এই ৪ ৰাশিৰ লোক, সদায় লগত থাকে...
শাওনৰ প্ৰথম সোমবাৰে শিৱলিংগত অৰ্পণ কৰক এই ৭টা বস্তু, পূৰণ হ'ব সকলো মনোকামনা
বৃক্ক বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি?