নখ হালধীয়া, বাৰে বাৰে ভাঙি যোৱা, ইয়াৰ আঁৰত থাকিব পাৰে এইবোৰ কাৰণ, জানক…

নখে আমাৰ সৌন্দৰ্য বৃদ্ধি কৰাত সহায় কৰে। কিন্তু নখৰ সলনি হোৱা ৰং বা অস্বাভাৱিকতাই বিভিন্ন ৰোগৰ সংকেত দিব পাৰে। গতিকে আপুনি ইয়াৰ বিষয়ে জনা দৰকাৰ।

নখ হালধীয়া, বাৰে বাৰে ভাঙি যোৱা, ইয়াৰ আঁৰত থাকিব পাৰে এইবোৰ কাৰণ, জানক...

নখ

Published: 

18 Jul 2025 15:00 PM

নখে আমাৰ হাতৰ সৌন্দৰ্য্য বৃদ্ধি কৰাত সহায় কৰে, লগতে ই আমাৰ স্বাস্থ্যৰ বিষয়েও জনায়। নখৰ ৰঙৰ পৰা আৰম্ভ কৰি গঠনলৈ ই আমাৰ শৰীৰৰ ভিতৰত চলি থকা সমস্যাৰ ইংগিত দিব পাৰে। নখত বগা দাগ পৰা, ভাঙি যোৱা, কোমল হোৱা আদিৰ থাকিব পাৰে অন্য কাৰণ। সুস্থ নখ পাতল গোলাপী ৰঙৰ আৰু কঠিন গঠনৰ।

কিন্তু শৰীৰত যেতিয়া পুষ্টিৰ অভাৱ হয় তেতিয়া ইয়াৰ প্ৰভাৱ নখত পৰে। কিছুমান লক্ষণ তলত উল্লেখ কৰা হ’ল-

নখ ৰুক্ষ হোৱা

হেল্থলাইনৰ মতে নখ ৰুক্ষ হোৱা বা সঘনাই নখ ভাঙি ফাটি যোৱাক অনিকোচিজিয়া বোলা হয়। যেতিয়া পানীৰ লগত জড়িত কাম বেছিকৈ কৰে, তেতিয়া এই সমস্যাৰ সৃষ্টি হয়।  ইয়াৰ বিপৰীতে হাইপোথাইৰয়ডিজম (থাইৰয়ডৰ অভাৱ) বা আইৰণৰ অভাৱৰ ফলতো এনে হ’ব পাৰে। গতিকে যেতিয়াই পানীৰে কাম কৰে তেতিয়াই গ্ল’ভছ পিন্ধিব। অথবা আলফা হাইড্ৰক্সি এচিড (AHA) বা লেনলিন থকা লোচন ব্যৱহাৰ কৰক।

কোমল আৰু দুৰ্বল নখ

যদি আপোনাৰ নখবোৰ অতি কোমল আৰু সহজে ভাঙি যায়, তেন্তে ই ভিটামিন বি, কেলচিয়াম, আইৰণ আৰু ফেটি এচিডৰ অভাৱ হ’বৰ লক্ষণ হব পাৰে। কেতিয়াবা অত্যধিক আৰ্দ্ৰতা বা ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শলৈ আহিলেও এনে হয়। যদি আপোনাৰ শৰীৰত পুষ্টিৰ অভাৱ হয়, তেন্তে আপুনি মাল্টিভিটামিন গ্ৰহণ কৰিব পাৰে।

নখত ৰেখা

যদি আপোনাৰ নখত দীঘল দীঘল ৰেখা দেখা পাই, তেন্তে ই কোনো গুৰুতৰ সমস্যা নহয়। কিন্তু যদি ৰেখাবোৰৰ লগতে নখবোৰ ভাঙে বা ৰং সলনি হয়, তেন্তে সেয়া চিন্তাৰ বিষয় হ’ব পাৰে। আনহাতে, যদি অনুভূমিক ৰেখা দেখা দিয়ে তেন্তে সেইবোৰক বিউৰ ৰেখা বুলিও কোৱা হয়। ই বৃক্কৰ সমস্যাৰ ইংগিত দিয়ে।

হালধীয়া নখ

নখ হালধীয়া হোৱা সাধাৰণ সমস্যা, কিন্তু ইয়াৰ আঁৰত কাৰণ থাকিব পাৰে। যেনে কোনো সামগ্ৰীৰ সংক্ৰমণ বা প্ৰভাৱ। কিন্তু কিছুমান ক্ষেত্ৰত ই কোনো গুৰুতৰ ৰোগৰ লক্ষণো হ’ব পাৰে। যেনে, থাইৰয়ডৰ বিকাৰ, চ’ৰিয়াচিছ (ছালৰ সৈতে জড়িত সমস্যা) বা ডায়েবেটিছ আদি। যদি সংক্ৰমণৰ বাবে নখ হালধীয়া হৈ পৰিছে, তেন্তে চাহ গছৰ তেল ব্যৱহাৰ কৰিব পাৰে। কিন্তু যদি স্বাস্থ্যৰ লগত জড়িত তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক।

নখত বগা দাগ

নখত সৰু সৰু বগা দাগ থকাটো এটা সাধাৰণ সমস্যা। শিশুকালত এনে হয়। কিন্তু যদি প্ৰাপ্তবয়স্ক অৱস্থাতো এনে হয় তেন্তে ই কোনো শাৰীৰিক সমস্যাৰ লক্ষণো হ’ব পাৰে।  জিংকৰ অভাৱ, ভেঁকুৰৰ সংক্ৰমণ আৰু এলাৰ্জিৰ বাবে হ’ব পাৰে। দীৰ্ঘদিন ধৰি এই লক্ষণ দেখিলে চিকিৎসকৰ পৰামৰ্শ লওক।

নখৰ তৰপ উঠা

যদি আপোনাৰ ভৰিৰ তৰপ খোলা খোলা হৈ আছে তেন্তে ই আইৰণৰ অভাৱৰ লক্ষণ হ’ব পাৰে। আনহাতে যদি হাতত এনে হৈছে তেন্তে ই বাহ্যিক আঘাত বা চাপ হ’ব পাৰে। আপুনি হাত দুখন যদি ফেনযুক্ত পানীত বহু সময়লৈকে তিয়াই ৰাখে (যেনে বাচন-বৰ্তন ধোৱাৰ সময়ত), তেন্তে এনে হয়।

 

 

অন্য খবৰ পঢ়কঃ এনিমিয়াৰ লক্ষণ, কাৰণ আৰু প্ৰতিকাৰৰ উপায়, জানক বিশেষজ্ঞৰ পৰা…

Sawan 2025: শাওনৰ প্ৰথম সোমবাৰে এই মন্ত্ৰৰে কৰক শিৱক আৰাধনা, পূৰণ হ’ব সকলো ইচ্ছা!
ভগৱান শিৱৰ প্ৰিয় এই ৪ ৰাশিৰ লোক, সদায় লগত থাকে...
শাওনৰ প্ৰথম সোমবাৰে শিৱলিংগত অৰ্পণ কৰক এই ৭টা বস্তু, পূৰণ হ'ব সকলো মনোকামনা
বৃক্ক বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি?