ক’ভিড ভেকচিন আৰু হঠাৎ মৃত্যুৰ মাজত কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই…ICMR আৰু AIIMS ৰ প্ৰতিবেদনত প্ৰকাশ
ক’ভিড ভেকচিনৰ বাবে দেশত হঠাৎ মৃত্যুৰ হাৰ বৃদ্ধি পাইছিল নেকি ? এই সন্দৰ্ভত গৱেষণা কৰিছিল দেশৰ দুটা বৃহৎ চিকিৎসা প্ৰতিষ্ঠান আইচিএমআৰ (ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চ) আৰু এইমছ (অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স)য়ে। প্ৰতিবেদনত কি কোৱা হৈছে? জানক...

হঠাৎ মৃত্যু আৰু ভেকচিনৰ মাজত কোনো সম্পৰ্ক নাই
ক’ভিডৰ পিছত দ্ৰুতগতিত বৃদ্ধি পাইছে হাৰ্ট এটেকৰ ঘটনা। এই ক্ষেত্ৰত দাবী কৰা হৈছিল যে,ক’ভিড ভেকচিনৰ বাবেই এনে হৈছে। অৱশ্যে এই দাবী সন্দৰ্ভত আইচিএমআৰ আৰু এইমছৰ প্ৰতিবেদনত ডাঙৰ সত্য প্ৰকাশ পাইছে । কিছুদিনৰ পৰা দেশত চৰ্চা চলি আছিল যে, ক’ভিড-19ৰ ভেকচিন গ্ৰহণ কৰি বহু যুৱক-যুৱতী হঠাতে মৃত্যুমুখত পৰিছে।
এই বিষয়ে বহু ধৰণৰ উৰাবাতৰি আৰু আশংকা বিয়পি পৰিছিল যদিও এতিয়া এই বিষয়ত দেশৰ দুটা বৃহৎ চিকিৎসা প্ৰতিষ্ঠান আইচিএমআৰ (ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চ) আৰু এইমছ (অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স)য়ে চলোৱা গৱেষণাত ডাঙৰ তথ্য পোহৰলৈ আহিছে। গৱেষণাত স্পষ্ট হৈছে যে,ক’ভিড ভেকচিন আৰু হঠাৎ মৃত্যুৰ মাজত কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই।
আইচিএমআৰে নেশ্যনেল ইনষ্টিটিউট অৱ এপিডেমিঅ’লজিৰ সহযোগত এই প্ৰতিবেদন প্ৰস্তুত কৰিছে। ইয়াত ১৮ৰ পৰা ৪৫ বছৰৰ ভিতৰৰ সেই লোকসকলৰ নমুনা লোৱা হৈছে, যিসকলৰ ২০২১ চনৰ ১ অক্টোবৰৰ পৰা ২০২৩ চনৰ ৩১ মাৰ্চৰ ভিতৰত আকস্মিক মৃত্যু হৈছে।
এই প্ৰতিবেদন সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, দেশৰ বহু সংস্থাৰ জৰিয়তে আকস্মিক মৃত্যুৰ গোচৰৰ তদন্ত কৰা হৈছে, যিয়ে প্ৰমাণ কৰিছে যে ক’ভিড-১৯ৰ টিকাকৰণ আৰু দেশত হঠাৎ মৃত্যুৰ মাজত কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই।
প্রতিবেদনত দাবী কৰা হৈছে যে, শেহতীয়াকৈ যুৱক-যুৱতীসকলৰ মৃত্যুৰ কাৰণ হ’ব পাৰে জেনেটিক্স, জীৱনশৈলী, পূৰ্বতে থকা অৱস্থা আৰু ক’ভিডৰ পিছৰ জটিলতা৷ এই প্ৰতিবেদনৰ পূৰ্বে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই কৈছিল যে, হঠাৎ মৃত্যুৰ কাৰণ Covid ভেকচিন নহয়। সেই সময়ত নাড্ডাই ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চ (আইচিএমআৰ)ৰ প্ৰতিবেদনৰ উদ্ধৃতি দিছিল। তেওঁ কৈছিল যে, টিকাকৰণে এই আশংকা বৃদ্ধি কৰা নাই বৰঞ্চ হ্ৰাস কৰিছে।