Assamese Food Recipe: সৰিয়হৰ সৈতে প্ৰস্তুত কৰক মাছৰ এই ব্যঞ্জন, জানক সহজ পদ্ধতি

এই বিধি প্ৰস্তুত কৰাৰ পূৰ্বে মাছখিনি তাৱাত বা লাহে লাহে কেৰাহীত ভাজি লওক। তাৰ পিছত সৰিয়হখিন তিয়াই কিছু সময়ৰ বাবে তিয়াই ৰাখক। ইয়াৰ ফলত মাছৰ সৈতে এই ব্যঞ্জন খাবলৈ অধিক সোৱাদযুক্ত হৈ পৰিব।

Assamese Food Recipe: সৰিয়হৰ সৈতে প্ৰস্তুত কৰক মাছৰ এই ব্যঞ্জন, জানক সহজ পদ্ধতি

সৰিয়হৰ সৈতে প্ৰস্তুত কৰক মাছৰ এই ব্যঞ্জন

Updated On: 

12 Aug 2024 17:54 PM

সৰিয়হ-মাছ সকলোৰে প্ৰিয় খাদ্যৰ ভিতৰত অন্যতম। ঘৰলৈ আলহী আহিলে বা বিভিন্ন অনুষ্ঠানত এই ব্যঞ্জন প্ৰস্তুত কৰা হয়। এই ব্যঞ্জন খাবলৈ অত্যন্ত জুতি লগা হোৱাৰ লগতে উপকাৰীও। যিহেতু আমি আহাৰ খাই জীৱন ধাৰণ কৰো, সেইবাবে সুস্বাদু পুষ্টিকৰ আৰু জুতি লগা হ’ব লাগে। ৰন্ধন প্ৰক্ৰিয়াৰ দ্বাৰা জুতি লগা আহাৰ প্ৰস্তুত কৰাৰ ওপৰতে খোৱা-লোৱা নিৰ্ভৰ কৰে। আমি খোৱা বিভিন্ন ব্যঞ্জনে বহু ৰোগ প্ৰতিৰোধ কৰিব পাৰে। দেহ-মন সুস্থ আৰু সবল কৰি ৰাখিব পাৰে বুলি কোৱা হয়।

অসমৰ প্ৰায় ভাগ জনসাধাৰণৰে মাছ প্ৰিয় খাদ্য। নিজে খোৱাৰ উপৰি আনক মাছ খুৱায়ো অসমীয়া মানুহে ভাল পায়। ল’ৰা সন্তান উপজিলে বা আন শুভ কামত ওচৰ -চুবুৰীয়া, ইষ্ট কুটুম্বক মাছ বিলাই গৃহস্থই পৰম আনন্দবোধ কৰে। বিয়াৰ জোৰণত দৰাঘৰে কইনা ঘৰক মাছ দি্য়াটো এটা আনন্দদায়ক মুহুৰ্ত। অসমীয়া ৰান্ধনিৰ হাতৰ পৰশত বিধে বিধে প্ৰস্তুত কৰা হয় মাছৰ ব্যঞ্জন। মাছক লৈ যে কত ধৰণৰ জুতি। আজি আপোনালোকে শিকক সৰিয়হৰ সৈতে মাছৰ জুতি লগা ব্যঞ্জনৰ বিষয়ে।

এই বিধি প্ৰস্তুত কৰাৰ পূৰ্বে মাছখিনি তাৱাত বা লাহে লাহে কেৰাহীত ভাজি লওক। তাৰ পিছত সৰিয়হখিন তিয়াই কিছু সময়ৰ বাবে তিয়াই ৰাখক। ইয়াৰ ফলত মাছৰ সৈতে এই ব্যঞ্জন খাবলৈ অধিক সোৱাদযুক্ত হৈ পৰিব।

বনাবলৈ কি কি লাগিব-

১) মাছ, ২) সৰিয়হ, ৩) জিৰা ৪) হালধি, ৫) জলকীয়া, ৬) আদা,৭) নহৰু, ৮) পিঁয়াজ ৯), কেঁচা জলকীয়া, ১০) নিমখ, ১১) ধনিয়া আদি

বিধি

প্ৰথমে আমি মাছখিনি পৰিষ্কাৰ কৰি ধুব লাগিব। বনাবলৈ আৰম্ভ কৰাৰ পূৰ্বে হালধি গুড়ি, নিমখ দি প্ৰায় ১০ মিনিট মেৰিনেট কৰিম।

সৰিয়হৰ পেষ্টৰ বাবে সৰিয়হৰ গুটিখিনি পানীত ১০ মিনিটমান তিয়াই মিক্সিত ভালদৰে খুন্দি ল’ব আৰু তাত হালধি গুড়ি, জলকীয়া ধনিয়া গুড়ি দি সৈতে পিহি পেষ্ট বনাই ল’ব।

এটা ডাঙৰ গধুৰ তলৰ ননষ্টিক কেৰাহীত তেল গৰম কৰি মাছখিনি থৈ দুয়োফালে ৩০ ছেকেণ্ডমান ভাজি লওক। ৰঙচুৱা হোৱাৰ লগে লগে মাছখিনি আঁতৰাই একে তেলত পিয়াজ দি ভাজক। তাৰ পিছত তাত সৰিয়হৰ পেষ্টখিনিদি কম জুইত কিছু সময় ভাজি লওক।

তাৰ পিছত অকণমান পানী দি উতলিব দি ভাজি থোৱা মাছখিনি দি দিয়ক। এইদৰে গোটেইখিনি জুই কম কৰি ডাঠ হোৱালৈকে ১০ মিনিটমান ৰান্ধিব। জুই বন্ধ কৰি নিমখ আৰু মছলা পৰীক্ষা কৰি আপোনাৰ ৰুচি অনুসৰি দি পৰিবেশন কৰক। সতেজ ধনিয়া পাতেৰে সজাই পৰিবেশন কৰক।

এইদৰে সহজতে আপুনি সৰিয়হৰ সৈতে মাছৰ জুতি লগাই ব্যঞ্জন প্ৰস্তুত কৰি ভাতৰ সৈতে খাব পাৰে।

কুকুৰাৰ কণী কিয় বিভিন্ন ৰঙৰ হয়? বিজ্ঞানে ক'লে...
কোনবোৰ ৰোগে শৰীৰৰ ওজন বৃদ্ধি কৰে? চিকিৎসকৰ পৰা জানক
দাঁতৰ ৰং দূৰ হ’ব নিমিষতে, গুটখা ত্যাগ কৰাৰ লগতে এনে খাদ্যাভ্যাসৰো কৰক পৰিৱৰ্তন
অপৰাজিতা ফুল ব্যৱহাৰ কৰিলে কি কি ৰোগৰ পৰা হাত সাৰিব জানেনে?