আপুনি নজনাকৈয়ে দেহত বৃদ্ধি পাইছে নেকি ইউৰিক এচিড! কিদৰে পাব সংকেত?

ইউৰিক এচিড সাধাৰণতে তেজেৰে বৃক্কলৈ যায় আৰু তাৰ পিছত প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা ওলাই যায়। কেতিয়াবা অত্যধিক পৰিমাণৰ ইউৰিক এচিড উৎপন্ন হ’লে বৃক্কই সঠিকভাৱে নিষ্কাষণ কৰিব নোৱাৰে।

আপুনি নজনাকৈয়ে দেহত বৃদ্ধি পাইছে নেকি ইউৰিক এচিড! কিদৰে পাব সংকেত?

ইউৰিক এচিড (প্ৰতিনিধিত্বমূলক ছবি)

Published: 

02 Aug 2025 17:19 PM

সাম্প্ৰতিক সময়ত ৰক্তচাপ, ডায়েবেটিছ, থাইৰয়ড আদি সমস্যাৰ দৰে ইউৰিক এচিডো এক চিন্তনীয় সমস্যা হৈ পৰিছে। দেহত ইউৰিক এছিড বৃদ্ধি পালে আক্ৰান্ত লোকজনৰ জীৱন দুৰ্বিষহ হৈ পৰিব পাৰে। এই ইউৰিক এচিড শৰীৰত প্ৰাকৃতিকভাৱে উৎপন্ন হয়। পিউৰিন নামৰ এক পদাৰ্থ ভাঙি ইউৰিক এচিড উৎপন্ন হয়। বিভিন্ন খাদ্য যেনে- মাংস, মাছ, দালি, কাঠফুলা আদিৰ পৰাও আমাৰ দেহত এই পিউৰিন প্ৰৱেশ কৰে। ইউৰিক এচিড তেজেৰে বৃক্কলৈ যায় আৰু তাৰ পিছত প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা ওলাই যায়।

কেতিয়াবা অত্যধিক পৰিমাণৰ ইউৰিক এচিড উৎপন্ন হ’লে বৃক্কই সঠিকভাৱে নিষ্কাষণ কৰিব নোৱাৰে। এই অতিৰিক্ত ইউৰিক এচিড তেজত জমা হয়। ইয়াক হাইপাৰ ইউৰিচেমিয়া বোলা হয়। যদিও এই হাইপাৰ ইউৰিচেমিয়াৰ প্ৰায়ে কোনো লক্ষণ দেখা নাযায়, তথাপি ই শৰীৰত নীৰৱে মাৰাত্মক সমস্যাৰ সৃষ্টি কৰে। এনে পৰিস্থিতিত ইউৰিক এচিড বৃদ্ধি হৈছে নে নাই, সেয়া কিদৰে জানিব?

শৰীৰত ইউৰিক এচিড বৃদ্ধি হোৱাৰ কোনো স্পষ্ট প্ৰাৰম্ভিক লক্ষণ নাথাকিবও পাৰে। কিন্তু কিছুমান নিৰ্দিষ্ট লক্ষণ ক্ৰমান্বয়ে দেখা দিয়ে, যিবোৰক আওকাণ কৰিলে গাউট, বৃক্কত পাথৰ আৰু আনকি গাঁঠিৰ স্থায়ী ক্ষতিও হ’ব পাৰে। চাওঁ আহক এনে কিছু লক্ষণৰ বিষয়ে-

১) গাঁঠিৰ বিষ আৰু ফুলি উঠাঃ ইউৰিক এচিডৰ আটাইতকৈ সাধাৰণ লক্ষণ হ’ল ভৰিৰ বুঢ়া আঙুলি, ভৰিৰ গোৰোহা বা আঁঠুত হঠাতে বিষ হোৱা, ফুলি উঠা আৰু ৰঙা পৰা। এই বিষ সাধাৰণতে নিশাৰ ভাগত বেছি হয় আৰু টোপনিৰ অসুবিধা হ’ব পাৰে। ইউৰিক এচিড বৃদ্ধিৰ ফলত হোৱা গাউটৰ প্ৰথম লক্ষণ এয়া হ’ব পাৰে।

২) গাঁঠিৰ জঠৰতাঃ পুৱা টোপনিৰ পৰা উঠাৰ পিছত যদি আপুনি হাত বা ভৰিৰ গাঁঠিবোৰ টান বা লৰচৰ কৰাত অসুবিধা হোৱা লক্ষ্য কৰে, তেতিয়া সেয়াও ইউৰিক এচিড বৃদ্ধিৰ লক্ষণ হ’ব পাৰে।

৩) বৃক্কৰ সমস্যাঃ অতিৰিক্ত ইউৰিক এচিড বৃক্কত জমা হৈ বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত কঁকালৰ বিষ, প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা, প্ৰস্ৰাৱত তেজ বা সঘনাই প্ৰস্ৰাৱ কৰিব লগা আদি হ’ব পাৰে।

৪) খজুৱতি আৰু ফোহাঃ কেতিয়াবা ইউৰিক এচিড বৃদ্ধি হ’লে ছালত খজুৱতি আৰু ৰঙা ৰঙৰ ফোহা ওলায়, এই সমস্যা সহজে ভাল নহয়।

৫) দুৰ্বলতাঃ ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পালে শৰীৰত বিষক্ৰিয়াৰ সৃষ্টি কৰে। ইয়াৰ ফলত গোটেই দিনটো দুৰ্বলতা, হতাশা, কৰ্মক্ষেত্ৰত একাগ্ৰতাৰ অভাৱ অনুভৱ কৰিব পাৰে।

মহিলাসকলৰ বেছি প্ৰস্ৰাৱৰ সংক্ৰমণ কিয় হয়?
নিশা আপুনিও থাকে নেকি উজাগৰে? সাৱধান, টোপনিৰ অভাৱত হ’ব পাৰে এনে ভয়ানক সমস্যা
কুকুৰাৰ কণী কিয় বিভিন্ন ৰঙৰ হয়? বিজ্ঞানে ক'লে...
কোনবোৰ ৰোগে শৰীৰৰ ওজন বৃদ্ধি কৰে? চিকিৎসকৰ পৰা জানক