Assamese Fish Curry Recipe: সৰিয়হৰ সৈতে এইদৰে পুঠি মাছৰ ব্যঞ্জন খাই পাইছেনে?

সৰিয়হ-মাছ সকলোৰে প্ৰিয় খাদ্যৰ ভিতৰত অন্যতম। ঘৰলৈ আলহী আহিলে বা বিভিন্ন অনুষ্ঠানত এই ব্যঞ্জন প্ৰস্তুত কৰা হয়। এই ব্যঞ্জন খাবলৈ অত্যন্ত জুতি লগা হোৱাৰ লগতে উপকাৰীও। আপুনি ইলিচ-সৰিয়হ বহুত খাইছে, আজি ইলিচ মাছৰ সলনি পুঠি মাছ খাই চাওক।

Assamese Fish Curry Recipe: সৰিয়হৰ সৈতে এইদৰে পুঠি মাছৰ ব্যঞ্জন খাই পাইছেনে?

সৰিয়হৰ সৈতে এইদৰে পুঠি মাছৰ ব্যঞ্জন

Updated On: 

02 Jul 2025 17:08 PM

অসমীয়া আহাৰ প্ৰায় সকলো থলুৱা ভাৱে উপলব্ধ উপকৰণেৰে তৈয়াৰী, সেয়ে ভাৰতৰ অন্যান্য অঞ্চলৰ খাদ্যৰ সতে ইয়াৰ অনেক পাৰ্থক্য দেখা পোৱা যায়। অসমৰ আৰ্দ্ৰ-ভূমি তথা নদী সমূহত মিঠা পানীৰ মা‍ছ উভেনদীকৈ পোৱা যায়। সেইবাবেই অসমীয়া খাদ্যত মাছৰ পয়োভৰ বেছি। সৰু আৰু ডাঙৰ দুয়োবিধ আকৃতিৰ মাছেই অসমীয়া খাদ্য প্ৰকৰণৰ অন্তৰ্ভুক্ত। প্ৰত্যেক বিধ মাছৰ বাবেই সুকীয়া বৈশিষ্ট্যপূৰ্ণ ৰন্ধন প্ৰণালী আছে, আৰু কোনবিধ মাছ কি উপকৰণেৰে ৰান্ধিলে সোৱাদ হ’ব।

আজি আপোনালোকে শিকক সৰিয়হৰ সৈতে পুঠি মাছৰ জুতি লগা ব্যঞ্জনৰ বিষয়ে।

উপকৰণ

  1. পুঠি মাছ,
  2. সৰিয়হ,
  3. জিৰা
  4. হালধি,
  5. জলকীয়া,
  6. আদা,
  7. নহৰু,
  8. পিঁয়াজ
  9. নিমখ,
  10. ধনিয়া আদি

কেনেদৰে প্ৰস্তুত কৰিব?

এই বিধি প্ৰস্তুত কৰাৰ পূৰ্বে মাছখিনি কেৰাহিত বা লাহে লাহে ভাজি লওক। তাৰ পিছত সৰিয়হখিন তিয়াই কিছু সময়ৰ বাবে তিয়াই ৰাখক। ইয়াৰ ফলত মাছৰ সৈতে এই ব্যঞ্জন খাবলৈ অধিক সোৱাদযুক্ত হৈ পৰিব।

সৰিয়হৰ পেষ্টৰ বাবে তিয়াই থোৱা সৰিয়হখিনি মিক্সিত ভালদৰে খুন্দি ল’ব আৰু তাত হালধি গুড়ি, জলকীয়া ধনিয়া গুড়ি দি সৈতে পিহি পেষ্ট বনাই ল’ব।

প্ৰথমে কেৰাহীত তেল দি গৰম হ’বলৈ দিয়ক, তাৰ পিছত পিয়াজ আৰু জলকীয়া দি ভাজক। তাত সৰিয়হৰ পেষ্টখিনিদি কম জুইত কিছু সময় ভাজি লওক। এতিয়া হালধি, নিমখ দি লাৰি থাকক। ইয়াৰ পিছত আদা-নহৰু পেষ্ট দি আকৌ ভাজক।

তাৰ পিছত অকণমান পানী দি উতলিব দি ভাজি থোৱা মাছখিনি দি দিয়ক। এইদৰে গোটেইখিনি জুই কম কৰি ডাঠ হোৱালৈকে ১০ মিনিটমান ৰান্ধিব। জুই বন্ধ কৰি নিমখ আৰু মছলা পৰীক্ষা কৰি আপোনাৰ ৰুচি অনুসৰি দি পৰিবেশন কৰক। সতেজ ধনিয়া পাতেৰে সজাই পৰিবেশন কৰক।

বিকলাংগ সন্তান কিয় জন্ম হয়? ক'লে প্ৰেমানন্দ মহাৰাজে...
ঘৰৰ ভিতৰত মানি প্লাণ্ট ৰাখিলে সচাঁকৈয়ে ধন আহেনে? আৰু কি কি হয় জানক...
নেমুৰ ৰসে আঁতৰাব মুখৰ ক’লা দাগ! কিন্তু কেনেকৈ?
আঁতৰি থাকক এনে বন্ধুৰ পৰা! কৰিব পাৰে বিশ্বাসঘাটকতা...