বিৰাট কোহলি-তামান্না ভাটিয়াৰ ৰোমাণ্টিক সম্পৰ্কৰ ৰহস্য ফাদিল ! মৌনতা ভংগ কৰিলে অভিনেত্ৰীগৰাকীয়ে…

ভাৰতীয় তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলিৰ সৈতে কি সম্পৰ্ক আছিল তামান্না ভাটিয়াৰ? সঁচাই বিৰাটৰ সৈতে ৰোমাণ্টিক সম্পৰ্ক আচিল নেকি তামান্নাৰ? অৱশেষত মৌনতা ভংগ কৰিলে অভিনেত্ৰীগৰাকীয়ে।

বিৰাট কোহলি-তামান্না ভাটিয়াৰ ৰোমাণ্টিক সম্পৰ্কৰ ৰহস্য ফাদিল ! মৌনতা ভংগ কৰিলে অভিনেত্ৰীগৰাকীয়ে...

বিৰাট কোহলী আৰু তামান্না ভাটিয়া

Updated On: 

04 Aug 2025 16:38 PM

ভাৰতীয় চলচিত্ৰ জগতৰ এখন চিনাকী মুখ হৈছে অভিনেত্ৰী তামান্না ভাটিয়া। তামান্না ভাটিয়াই প্ৰায়ে অনুৰাগীৰ মাজত চৰ্চা কেন্দ্ৰবিন্দু হয়। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে এটা সংবাদ প্ৰতিষ্ঠানক দিয়া সাক্ষাৎকাৰে ব্যাপক চৰ্চা লাভ কৰিছে। সাক্ষাৎকাৰটোত ভাৰতীয় তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলি আৰু পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ আব্দুল ৰাজ্জাকৰ সৈতে তেওঁৰ সম্পৰ্ক সন্দৰ্ভত স্পষ্ট মত প্ৰকাশ কৰিছে।

উল্লেখ্য যে,বিৰাট কোহলি আৰু আব্দুল ৰাজ্জাকৰ সৈতে অভিনেত্ৰীগৰাকীৰ ৰোমান্টিক সম্পৰ্ক আছিল বুলি চৰ্চা চলিছিল। একাংশই এই খবৰটো এক উৰাবাতৰি বুলিও কৈছিল! শেহতীয়াকৈ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিনেত্ৰী তামান্না ভাটিয়াই।

দ্য লালানটপৰ সৈতে হোৱা সাক্ষাৎকাৰত বিৰাট কোহলিৰ সৈতে কথিত সম্পৰ্কৰ সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে কয় যে,“মোৰ ইমান বেয়া লাগে কাৰণ মই তেওঁক আক্ষৰিক অৰ্থত মাত্ৰ এদিনৰ বাবে লগ পাইছিলো। শ্বুটিঙৰ পিছত মই কেতিয়াও বিৰাটক লগ পোৱা নাই। না মই তেওঁৰ সৈতে কথা পাতিছো, না তেওঁক মই লগ পাইছো।” এইদৰে কয় অভিনেত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, ২০১০ চনৰ আৰম্ভণিতে এক শ্বুটিঙৰ পাছত তামান্না ভাটিয়া আৰু বিৰাট কোহলিৰ এখন ফটো ভাইৰেল হৈছিল। সেই ভাইৰেল ফটোখনৰ পৰাই দুয়োগৰাকীয়ে ডেটিঙত যোৱা বুলি উৰাবাতৰি বিয়পি পৰিছিল। এই ক্ষেত্ৰত তেওঁ কয় যে, সেয়া আছিল কেৱল এটা পেছাদাৰীগত শ্বুটিঙৰ সাক্ষাৎ, ইয়াতকৈ বেছি একো নাছিল।

ইফালে,এগৰাকী পাকিস্তানী প্ৰাক্তন ক্ৰিকেটাৰ সৈতে অভিনেত্ৰীগৰাকীয়ে গোপনে বিয়া কৰোৱা বুলি বিপয়ি পৰিছিল এক উৰাবাতৰি। এখন ভাইৰেল ফটোত তামান্না আৰু পাকিস্তানীৰ প্ৰাক্তন ক্ৰিকেটাৰ আব্দুল ৰাজ্জাকক এখন গহনা দোকানত দেখা গৈছিল। এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে স্পষ্ট কৰি কয় যে, ভাইৰেল ফটোখন তেওঁলোক দুয়োজনে উপস্থিত থকা এখন গহনা দোকান মুকলিৰ সময়ৰ। এইদৰে দুখন ভাইৰেল ফটোৰ বাবেই চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছিল অভিনেত্ৰী তামান্না ভাটিয়া।

বহু চেষ্টাৰ পিছতো হাতত ধন নাথাকে নেকি আপোনাৰ? আঁৰত থাকিব পাৰে বাস্তুৰ এই দোষ
নিশা কৰক এই কাম! হাতলৈ আহিব ধন, খোল খাব ভাগ্যৰ দুৱাৰ...
ৰাতিৰ আহাৰ সোনকালে খোৱাটো কিয় প্ৰয়োজন? ৰোধ কৰিব পাৰিব এইসমূহ সমস্যা
ছাল হৈ পৰিব উজ্বল আৰু ধুনীয়া! এনেকৈ ব্যৱহাৰ কৰক দৈ আৰু বিলাহী...