পাকিস্তানী ক্ৰিকেটাৰৰ সৈতে বিয়াত বহিছিল নেকি তামান্না ভাটিয়া? নিজেই ক’লে…
অনুৰাগীৰ মাজত অতি জনপ্ৰিয় অভিনেত্ৰী তামান্না ভাটিয়া। অৱশ্যে অভিনেত্ৰীগৰাকীক লৈ বহু উৰাবাতৰিও পোৱা যায়। এইগৰাকী অভিনেত্ৰীয়ে এতিয়া পাকিস্তানীৰ প্ৰাক্তন ক্ৰিকেটাৰ আব্দুল ৰজ্জাকৰ সৈতে থকা সম্পৰ্কৰ খবৰ বিয়পি পৰিছিল।

পাকিস্তানী ক্ৰিকেটাৰৰ সৈতে বিয়াত বহিছিল নেকি তামান্না ভাটিয়া?
আকৌ এবাৰ শিৰোনামলৈ আহিছে অভিনেত্ৰী তামান্না ভাটিয়া । এক সাক্ষাৎকাৰত পাকিস্তানী ক্ৰিকেটাৰ আব্দুল ৰজাকক লৈ সোধা এক প্ৰশ্নৰ উত্তৰ দিয়ে তামান্নাই। তামান্নাই প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ আব্দুল ৰজ্জাকৰ সৈতে বিয়াত বহু বুলি খবৰ প্ৰকাশ পাইছিল। এই বিবাহ কিছুদিন ধৰি চলিছিল আৰু তাৰ পিছত দুয়োৰে বিচ্ছেদ হৈছিল। এতিয়া এই বিষয়ত তামান্না ভাটিয়াই নিজৰ মৌনতা ভংগ কৰিছে। তামান্নাই ক’লে যে এনেকুৱা একো নহয়, এই সকলোবোৰ কেৱল ইণ্টাৰনেটতহে হৈছে। এই বিষয়ত তামান্নাই কি ক’লে জানক…
আব্দুল ৰজ্জাকৰ লগত তামান্নাৰ বিয়া?
এখন গহনা দোকানত তামান্না ভাটিয়া আৰু আব্দুল ৰজ্জাকক দেখা পোৱা গৈছিল। তাৰ পিছত দুয়োৰে বিয়া হোৱা বুলি উৰাবাতৰি বিয়পি পৰিছিল। কিন্তু এতিয়া তামান্না এই বিষয়ত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তামান্নাই ক’লে, ‘আব্দুল ৰজ্জাকে ধেমালি কৰিছিল। ইণ্টাৰনেট এক ধেমেলীয়া ঠাই। ইণ্টাৰনেটৰ মতে মোৰ বিয়া আব্দুল ৰজ্জাকৰ সৈতে হৈছে।’ বিৰাট কোহলীৰ লগত তামান্না ভাটিয়াই ডেটিং কৰা খবৰ ওলাইছিল যদিও অভিনেত্ৰীগৰাকীয়ে ইয়াক কেৱল উৰাবাতৰি বুলি অভিহিত কৰে।
আব্দুল ৰজ্জাকৰ কেৰিয়াৰ
আব্দুল ৰজ্জাক এজন প্ৰাক্তন পাকিস্তানী অল ৰাউণ্ডাৰ যিয়ে ৪৬খন টেষ্ট, ২৬৫খন এদিনীয়া আৰু ৩২খন টি-২০ মেচ খেলিছে। পাকিস্তানৰ হৈ টেষ্ট আৰু এদিনীয়া খেলত ৰজ্জাকে ৫টা শতক অৰ্জন কৰিছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো ৩৮৯টা উইকেট দখল কৰিবলৈ সক্ষম হয়। ৰজ্জাকে তেওঁৰ কেৰিয়াৰত ৪ বাৰকৈ ৫ উইকেট অৰ্জন কৰিছে।
উল্লেখ্য যে নিজৰ বিতৰ্কিত বক্তব্যৰ বাবেই শিৰোনামত আছে এই খেলুৱৈগৰাকী।২০২৩ চনত তেওঁ অভিনেত্ৰী ঐশ্বৰ্য ৰায়ক লৈ বিতৰ্কিত বক্তব্য কৰিছিল। ৰাজ্জাকে পিচিবিক ঠাট্টা কৰি কৈছিল যে যদি আপোনাৰ চিন্তা হৈছে যে মই ঐশ্বৰ্যক বিয়া কৰাম আৰু তেতিয়া এটা সম্ভ্ৰান্ত আৰু প্ৰতিভাশালী সন্তান জন্ম হ’ব, এয়া হ’ব নোৱাৰে। এই বক্তব্যৰ বাবে ৰজ্জাক বহুত ট্ৰল কৰা হৈছিল।
লগতে পঢ়ক: পুৱা শুই উঠিয়ে মুখত নিজৰ লালটি লগাই তামান্না ভাটিয়াই, কাৰণ জানিলে আচৰিত হ’ব…