বিমানত যাত্ৰীয়ে ব্যৱহাৰ কৰা এইবোৰ সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰে পাইলটে, কিয় জানেনে?
বিমানত যাত্ৰীসকলে ব্যৱহাৰ কৰা বহু সামগ্ৰী কিন্তু পাইলটে ব্যৱহাৰ কৰিব নোৱাৰে। যিবোৰ আপাত দৃষ্টিত অতি সাধাৰণ কথা।

প্ৰতীকী ছবি
থেংকলেছ জব! বহুতে হয়তো ভাবিব পাৰে যে তেওঁলোকে অনেক টকা উপাৰ্জন কৰে। কিন্তু পাইলটৰ জীৱনত বহু কথাই অনেকে নাজানে। বিমানত যাত্ৰীসকলে ব্যৱহাৰ কৰা বহু সামগ্ৰী কিন্তু পাইলটে ব্যৱহাৰ কৰিব নোৱাৰে। যিবোৰ আপাত দৃষ্টিত অতি সাধাৰণ কথা। ভ্ৰমণটো যদি সুন্দৰ হয়, সুৰক্ষিত হয়, তেন্তে ই এক সকাহ। বেছিভাগ ক্ষেত্ৰতে দুৰ্ঘটনা হ’লে পাইলটসকলক দোষাৰোপ কৰা হয়।
বিমানত উঠাৰ লগে লগে নাকত লাগে এটা ভাল লগা সুগন্ধ। নিয়মিতভাৱে বিমানেৰে যাত্ৰা কৰাসকলৰ বাবে ই এক সাধাৰণ কথা। যিসকলে প্ৰথমবাৰ বিমানত উঠে, বা নিয়মিত বিমান যাত্ৰা নকৰে, তেওঁলোকৰ বাবে এই মিঠা গোন্ধই মনটো ভাল লগাই। কিন্তু আপোনাৰ কাষেৰে পাৰ হৈ যোৱা পাইলট বা এয়াৰ হোষ্টেছৰ শৰীৰৰ পৰা এনেকুৱা এটা সুগন্ধ কেতিয়াবা পাইছেনে? হয়তো আপুনি লক্ষ্য কৰা নাই। তেওঁলোকৰ শৰীৰৰ পৰা তেনে সুগন্ধ পোৱা নাযায়। ইয়াৰ আঁৰত আছে এটা বিশেষ কাৰণ।
কেৱল পাইলটেই নহয়, বিমানখনত থকা এয়াৰ হোষ্টেছ আৰু অন্যান্য ক্ৰু সদস্যসকলেও সুগন্ধি ব্যৱহাৰ কৰিব নোৱাৰে। অসামৰিক বিমান পৰিবহণৰ নিয়ম অনুসৰি সুগন্ধিৰ দৰে বহু বস্তু ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কিছুমান বিশেষ বস্তু যেনে সুগন্ধি, ছেনিটাইজাৰ, মাউথৱাছ, টুথপেষ্ট আনকি কিছুমান ঔষধো বিমানৰ ভিতৰত কৰ্তব্যৰত কৰ্মচাৰীসকলক ব্যৱহাৰ কৰিবলৈ দিয়া নহয়। ইয়াৰ আঁৰৰ কাৰণ কি?
উৰণৰ ক্ষেত্ৰত পাইলটৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল একাগ্ৰতা। ইয়াত ব্যাঘাত জন্মাব পৰা বস্তু ব্যৱহাৰ কৰাত সেয়ে নিষেধাজ্ঞা থাকে। ইয়াৰ আঁৰত এটা বৈজ্ঞানিক কাৰণ আছে। সেইবাবেই নিয়মটো বনোৱা হৈছে।
বিমানত উঠাৰ সময়ত পাইলট আৰু অন্যান্য ক্ৰু সদস্যসকলক ব্ৰেথ এনালাইজাৰ পৰীক্ষা কৰা হয়। যদি তেওঁলোক সেই পৰীক্ষাত বিফল হয়, তেন্তে তেওঁলোকক বিমানত উঠিবলৈ দিয়া নহ’ব পাৰে। আনকি নিষিদ্ধও হ’ব পাৰে। তেওঁলোকক যথেষ্ট পৰিমাণৰ জৰিমনা বিহা হ’ব পাৰে। এই পৰীক্ষাৰ কাৰণ হ’ল তেওঁলোকে মদ্যপান কৰিছে নেকি সেয়া জানিবলৈ? কাৰণ মদ্যপান কৰিলে যাত্ৰীসকলৰ বিপদ হ’ব পাৰে।
এইবোৰ সামগ্ৰী তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰে
পাৰফিউম আৰু ডিঅ’ডেণ্ট- সুগন্ধিয়ে পাইলটৰ মনসংযোগ বিঘ্নিত কৰিব পাৰে। সেয়ে তেওঁলোকক ব্যৱহাৰ কৰিবলৈ দিয়া নহয়।
ছেনিটাইজাৰ- ইয়াত যথেষ্ট পৰিমাণৰ এলকহল থাকে। যাৰ বাবে বহু সময়ত ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ ফলত ব্ৰেথ এনালাইজাৰ টেষ্টত সমস্যা হ’ব পাৰে।
মাউথ ৱাশ্ব- ইয়াতো এলকহল থাকে। গতিকে পৰীক্ষাৰ সময়ত সমস্যাত পৰিব পাৰে পাইলট
এৰোমেটিক মেডিচিন- ইয়াৰ ভিতৰত থকা উপাদানে পাইলটৰ মনোযোগ ভংগ কৰিব পাৰে