সস্তা হ’ব গেছ চিলিণ্ডাৰ! আমেৰিকাৰ সৈতে ঐতিহাসিক LPG চুক্তি স্বাক্ষৰ ভাৰতৰ…
আমেৰিকা আৰু ভাৰতীয় শোধনাগাৰৰ মাজত সম্পন্ন হৈছে দীৰ্ঘম্যাদী এল পি জি চুক্তি । এই চুক্তিয়ে ভাৰতত এল পি জি যোগানৰ অভাৱ দূৰ কৰিব আৰু দেশত এল পি জিৰ মূল্য হ্ৰাস কৰাত সহায় কৰিব। এইটো কেনেধৰণৰ চুক্তি বুজাই দিওঁ।

দাম কমিব ৰন্ধন গেছৰ!
ভাৰতত LPG যোগানৰ অভাৱ নহ’ব বুলি সুনিশ্চিত কৰি আমেৰিকাৰ সৈতে ঐতিহাসিক এল পি জি চুক্তি স্বাক্ষৰ কৰিছে ভাৰতে। দীৰ্ঘদিনৰ পৰা চৰ্চিত হৈ আহিছে এই চুক্তিখন। ভাৰতে কেইবাবাৰো উল্লেখ কৰিছে যে আমেৰিকাৰ সৈতে শক্তিৰ এক বৃহৎ চুক্তিৰ কাম কৰি আছে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে সোমবাৰে ঘোষণা কৰে যে ভাৰতীয় ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহে প্ৰথমবাৰৰ বাবে আমেৰিকাৰ পৰা এল পি জি আমদানি কৰাৰ বাবে এবছৰৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই চুক্তি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কি প্ৰকাশ কৰিছে জানো আহক।
ঐতিহাসিক চুক্তি
সোমবাৰে ছ’চিয়েল মিডিয়া পোষ্টযোগে মন্ত্ৰীগৰাকীয়ে এই চুক্তিক দেশৰ এল পি জি বজাৰৰ বাবে এক ‘ঐতিহাসিক মাইলৰ খুঁটি’ বুলি অভিহিত কৰে। তেওঁ কয়, “এয়া এক ঐতিহাসিক পদক্ষেপ। বিশ্বৰ অন্যতম বৃহৎ আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা এল পি জি বজাৰ ভাৰতে আমেৰিকাৰ বাবে মুকলি কৰি দিছে। ভাৰতৰ জনসাধাৰণক সুৰক্ষিত আৰু সুলভ মূল্যৰ এল পি জি যোগান যোগান ধৰাৰ আমাৰ প্ৰচেষ্টাত আমি আমাৰ এল পি জি উৎসৰ বৈচিত্ৰ্যতা বৃদ্ধি কৰিছো। এক উল্লেখযোগ্য বিকাশৰ ৰূপত ভাৰতৰ চৰকাৰী তেল কোম্পানীসমূহে প্ৰতি বছৰে প্ৰায় ২.২ মেট্ৰিক টন এল পি জি আমদানিৰ বাবে এবছৰীয়া চুক্তি সফলতাৰে সম্পন্ন কৰিছে।”
বিশ্বৰ অন্যতম বৃহৎ আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা এল পি জি বজাৰ হিচাপে ভাৰতৰ স্থিতিৰ ওপৰত আলোকপাত কৰি পুৰীয়ে কয় যে, এই নতুন চুক্তিখনে দেশৰ এল পি জিৰ উৎসৰ বৈচিত্ৰ্যতা বৃদ্ধিৰ প্ৰচেষ্টাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে। মন্ত্ৰীগৰাকীৰ মতে, ভাৰতীয় ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহে ২০২৬ চনৰ চুক্তি বৰ্ষৰ বাবে বছৰি প্ৰায় ২২ লাখ টন (এমটিপিএ) এলপিজি আমদানি কৰিবলৈ চুক্তিবদ্ধ হৈছে।এই পৰিমাণে ভাৰতৰ বাৰ্ষিক এলপিজি আমদানিৰ প্ৰায় ১০ শতাংশ প্ৰতিনিধিত্ব কৰে আৰু ইয়াক আমেৰিকাৰ উপসাগৰীয় উপকূলৰ পৰা আহৰণ কৰা হ’ব। তেওঁ কয় যে ভাৰতীয় বজাৰৰ বাবে আমেৰিকাৰ এল পি জিৰ সৈতে জড়িত এইখনে প্ৰথম দীৰ্ঘম্যাদী চুক্তি।
পুৰীয়ে ব্যাখ্যা কৰে যে, এই ক্ৰয় বিশ্বব্যাপী এল পি জি বাণিজ্যৰ বাবে এটা মূল মূল্য নিৰ্ধাৰণ বিন্দু মাউণ্ট বেলভিউৰ সৈতে তুলনা কৰা হৈছে। তেওঁ আৰু কয় যে ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেড (আই অ’ চি এল), ভাৰত পেট্ৰলিয়াম কৰ্প’ৰেশ্যন লিমিটেড (বি পি চি এল), আৰু হিন্দুস্তান পেট্ৰলিয়াম কৰ্প’ৰেশ্যন লিমিটেড (এইচ পি চি এল)ৰ দলসমূহে যোৱা কেইমাহমানৰ পৰা আমেৰিকাৰ প্ৰধান উৎপাদকসকলৰ সৈতে আলোচনা কৰিবলৈ আমেৰিকা ভ্ৰমণ কৰিছে। যিটো এতিয়া সফলতাৰে সম্পূৰ্ণ হৈছে।
যোৱা বছৰ ৬০% বৃদ্ধি
ভাৰতীয় পৰিয়াল, বিশেষকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ মহিলা হিতাধিকাৰীসকলৰ বাবে সুলভ মূল্যৰ ৰন্ধন গেছ নিশ্চিত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাৰ ওপৰতো মন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। তেওঁ ব্যাখ্যা কৰে যে যোৱা বছৰ বিশ্বব্যাপী ৰন্ধন গেছৰ মূল্য ৬০%তকৈ অধিক বৃদ্ধি পোৱাৰ পিছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশ্চিত কৰিছিল যে উজ্জ্বলা গ্ৰাহকে প্ৰতি চিলিণ্ডাৰত মাত্ৰ ৫০০-৫৫০ টকাকৈ দিব, আনহাতে প্ৰকৃত খৰচ টকাৰ ১১০০ৰ ওপৰত। আন্তঃৰাষ্ট্ৰীয় মূল্যৰ জোকাৰণিৰ পৰা গ্ৰাহকক ৰক্ষা কৰিবলৈ ভাৰত চৰকাৰে বছৰটোৰ ভিতৰত ৪০,০০০ কোটিৰো অধিক বোজা বহন কৰিছিল।