বন্ধ হ’ব নেকি ২০০০ টকীয়া নোট? RBI এ দিছে ডাঙৰ আপডেট
আৰ বি আইয়ে ২০০০ টকীয়া নোটৰ প্ৰচলন সন্দৰ্ভত নতুন আপডেট দিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে কয়, ২০০০ টকীয়া নোট আৰু বেছি দিন নচলিব। কিন্তু, কিয় জানক...

বন্ধ হ'ব ২০০০ টকাৰ নোট!
ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট সন্দৰ্ভত এক ডাঙৰ আপডেট দিছে। আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই বৃহস্পতিবাৰে কয় যে, ২০০০ টকীয়া নোট আৰু বেছি দিন প্ৰচলিত নহয়। কিন্তু ইয়াৰ লিগেল টেণ্ডাৰ থাকিব। অৰ্থাৎ নোটবোৰ অবৈধ নহ’ব। আৰ বি আইৰ কাৰ্যালয়লৈ গৈ জমা কৰিব পাৰিব।
ANI ৰ প্ৰতিবেদন অনুসৰি, সংসদীয় স্থায়ী সমিতিৰ বৈঠকত এই নোট সন্দৰ্ভত আৰ বি আইৰ গৱৰ্ণৰে আপডেট দিছে। বৈঠকত বহু সাংসদে ২০০০ চনৰ নোটৰ প্ৰচলন সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে, যাৰ উত্তৰত সঞ্জয় মালহোত্ৰাই কয় যে, এই নোটবোৰক বেছি দিন বজাৰত দেখা নাপাব। অৱশ্যে ইয়াৰ লিগেল টেণ্ডাৰ একেই থাকিব।
২০০০ টকীয়া নোট উঠাই লোৱাৰ কথা এবছৰ পূৰ্বে ঘোষণা কৰিছিল আৰ বি আইয়ে। কিন্তু ইয়াৰ পিছতো পিটিআইৰ প্ৰতিবেদন অনুসৰি ১ জুলাই পৰ্যন্ত বজাৰত ৬,০৯৯ কোটি টকাৰ নোট আছে বুলি প্ৰকাশ পায়। ৰেগুলেটৰি বেংকে ২০২৩ চনৰ ১৯ মে’ত নোট ঘূৰাই দিয়াৰ কথা ঘোষণা কৰিছিল। তেতিয়াৰ পৰাই বেংকে সময়ে সময়ে ঘূৰাই দিয়া নোটৰ তথ্যও দি আহিছে।
৫০০ আৰু ১০০০ টকীয়া নোট বিমুদ্ৰাকৰণ কৰি ২০১৬ চনত আৰ বি আইয়ে জাৰি কৰিছিল নতুন ২০০০ টকীয়া নোট। সাধাৰণ জনতাই দেশৰ যিকোনো ডাকঘৰৰ পৰা ২০০০ টকীয়া নোট ভাৰতীয় ডাকযোগে যিকোনো আৰ বি আইত উভতাই দিব পাৰিব। ইয়াৰ সমতুল্য ধন তেওঁলোকৰ বেংক একাউণ্টত জমা কৰিব পাৰিব। আৰ বি আইয়ে জনোৱা মতে, ২০২৪ চনৰ ডিচেম্বৰ মাহলৈকে প্ৰায় ৯৮.০৮% নোট ঘূৰাই দিয়া হৈছে। এই নোটসমূহৰ মুঠ মূল্য ২০২৩ চনৰ ১৯ মে’ত ৩.৫৬ লাখ কোটি টকাৰ পৰা ২০২৪ চনৰ ২৯ নৱেম্বৰৰ ভিতৰত ৬,৮৩৯ কোটি টকালৈ হ্ৰাস পাইছে।
এতিয়া গ্ৰাহকসকলে আহমেদাবাদ, বেংগালুৰু, বেলাপুৰ, ভূপাল, ভুৱনেশ্বৰ, চণ্ডীগড়, চেন্নাই, গুৱাহাটী, হায়দৰাবাদ, জয়পুৰ, জম্মু, কানপুৰ, কলকাতা, লক্ষ্ণৌ, মুম্বাই, নাগপুৰ, নতুন দিল্লী, পাটনা আৰু তিৰুৱনন্তপুৰমত আৰ বি আইৰ কাৰ্যালয়লৈ গৈ নোট জমা কৰিব পাৰিব।