EPFৰ এনে নিয়ম নাজানিলেই হেৰুৱাব সঞ্চয়ৰ ধন, জানি লওক পৰিত্ৰাণৰ উপায়

পিছে EPFOৰ নিয়মত আছে এক ডাঙৰ সুৰুঙা। যদি আপুনি কেৰিয়াৰৰ ৫ বছৰ সম্পূৰ্ণ কৰাৰ পূৰ্বেই PFৰ ধন উলিয়াব বিচাৰে, তেতিয়া আপোনাৰ সঞ্চয়ত পৰিব পাৰে এক গুৰুতৰ প্ৰভাৱ। জানো আহক এই বিষয়ে।

EPFৰ এনে নিয়ম নাজানিলেই হেৰুৱাব সঞ্চয়ৰ ধন, জানি লওক পৰিত্ৰাণৰ উপায়

EPFৰ নিয়ম

Updated On: 

17 Nov 2025 11:41 AM

এমপ্লয়ীজ প্ৰভিডেণ্ট ফাণ্ড, চমুকৈ EPFৰ অৰ্থ হৈছে নিশ্চিত কৰমুক্ত ভৱিষ্যত। এইপৰ্যন্ত EPFক লৈ এই ধাৰণাই কৰা হৈছিল। পিছে EPFOৰ নিয়মত আছে এক ডাঙৰ সুৰুঙা। যদি আপুনি কেৰিয়াৰৰ ৫ বছৰ সম্পূৰ্ণ কৰাৰ পূৰ্বেই PFৰ ধন উলিয়াব বিচাৰে, তেতিয়া আপোনাৰ সঞ্চয়ত পৰিব পাৰে এক গুৰুতৰ প্ৰভাৱ। EPF যদিও কৰমুক্ত এক ৰেহাইৰ সুবিধা বুলি ভবা হয়, কিছু কিছু চৰ্তৰ অধীনত পিছে ইয়াৰ বাবেও আপুনি কৰ পৰিশোধ কৰিব লাগিব।

৫ বছৰৰ পিছতহে ৰেহাই

PFৰ মূল সুবিধা হৈছে আপোনাৰ আয়, নিয়োগকৰ্তাৰ ধন আৰু আপুনি উপাৰ্জন কৰা সুত সকলো কৰমুক্ত। কিন্তু যদি অবিৰতভাৱে ৫ বছৰতকৈ কম সময় কাম কৰে, তেতিয়া এই ৰেহাইৰ পৰা বঞ্চিত হ’ব। PF ট্ৰান্সফাৰ কৰিলে এই ৫ বছৰৰ হিচাপত পূৰ্বৰ চাকৰিৰ সময়সীমাও অন্তৰ্ভুক্ত হয়। পিছে ৫ বছৰ সম্পূৰ্ণ কৰাৰ পূৰ্বে যদি আপুনি সম্পূৰ্ণ ধন উলিয়ায়, তেতিয়া কি হ’ব?

বিশেষজ্ঞসকলে জানিবলৈ দিয়া মতে সেই ক্ষেত্ৰত উলিওৱা ধনৰ ওপৰত ১০ শতাংশ হাৰত TDS কৰ্তন কৰা হ’ব। যদি একাউণ্টৰ সৈতে PAN লিংক কৰা নহয়, তেতিয়া এই হাৰ প্ৰায় ৩৪ শতাংশলৈ বৃদ্ধি পায়। অৰ্থাৎ চৰকাৰে PFৰ পৰা বৃহৎ পৰিমাণৰ ধন উলিয়াওঁতে বহু কৰ কৰ্তন কৰিব পাৰে।

কৰ কিদৰে ৰাহি কৰিব

সকলো ক্ষেত্ৰতে অৱশ্যে আপুনি উলিওৱা ধনৰ ওপৰত কৰ দিব নালাগে। যদি আপুনি অসুস্থতাৰ বাবে, নিয়োগকৰ্তাৰ ব্যৱসায় বন্ধ হোৱাৰ বাবে বা আন কোনো অনিবাৰ্য কাৰণত চাকৰি এৰি দিয়ে, তেতিয়া ৫ বছৰ সম্পূৰ্ণ নহ’লেও উলিওৱা ধনৰ ওপৰত কোনো কৰ দিব নালাগে।

PFৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল Form 15G বা 15H। যদি আপুনি ৫০ হাজাৰতকৈ অধিক ধন উলিয়ায় আৰু আপোনাৰ মুঠ আয় কৰযোগ্য সীমাৰ তলত হয়, তেতিয়া এই প্ৰ-পত্ৰ জমা দি TDS কৰ্তনৰ পৰা হাত সাৰিব পাৰিব। কিন্তু মনত ৰাখিব, TDS কৰ্তন নহ’লেও আপুনি আপোনাৰ মুঠ আয়ৰ লগত PFৰ ধন যোগ কৰি ৰিটাৰ্ণ দাখিল কৰিব লাগিব।

চাৰ্টাৰ্ড একাউণ্টেণ্ট বা বিশেষজ্ঞসকলে এই বিষয়ত বাৰে বাৰে সকীয়াই দিছে। তেওঁলোকে জমা ধন উলিওৱাৰ পৰিৱৰ্তে নতুন PF একাউণ্টলৈ ট্ৰান্সফাৰৰ পৰামৰ্শ দিয়ে। ইয়াৰ ফলত কৰ্মক্ষেত্ৰত আপোনাৰ ৫ বছৰৰ ধাৰাবাহিকতা অটুট থাকিব আৰু আপোনাৰ অৱসৰৰ সঞ্চয়ো অক্ষত থাকিব।

আপোনাৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে PF অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে যদি আপুনি চাকৰি সলনি কৰে, তেতিয়া EPF ট্ৰান্সফাৰ কৰিবলৈ নাপাহৰিব। ই হৈছে কৰ ৰাহি কৰাৰ আটাইতকৈ সহজ উপায়।

চুবুৰীয়াক কেতিয়াও নিদিব পাকঘৰৰ এইসমূহ সামগ্ৰী, অন্যথা বিলাই-বিপত্তি নোহোৱা হ’ব জীৱনৰ
ভুলতো ঘৰত ৰুব নালাগে এইবোৰ গছ, আনিব দুৰ্ভাগ্য!
পথত পোৱা এইসমূহ বস্তুৱে সলনি কৰিব পাৰে আপোনাৰ ভাগ্য! কেতিয়াবা পাইছে নেকি আপুনি?
আপোনাৰ গাহৰিৰ পাম আছে নেকি? আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ কেনেকৈ ৰোধ কৰিব? জানক