Morning News: দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning News: দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ…

Morning News

Published: 

20 Nov 2025 07:10 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. অহা বছৰৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। মেট্ৰিক পৰীক্ষা ১০ ফেব্ৰুৱাৰীৰ পৰা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা ১১ ফেব্ৰুৱাৰীৰ পৰা। ইফালে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে সামাজিক মাধ্যমৰ জৰিয়তে পৰীক্ষাৰ দিন আৰু সময়সূচী ঘোষণা কৰে। ঘোষণা কৰা অনুসৰি, ১০ ফেব্ৰুৱাৰী, ২০২৬ ৰ পৰা আৰম্ভ হোৱা মেট্ৰিক পৰীক্ষা শেষ হ’ব ২৭ ফেব্ৰুৱাৰীত।
  2. ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দিন। শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে সামাজিক মাধ্যমৰ যোগেদি এই ঘোষণা কৰে। সেই অনুসৰি, অহা ১১ ফেব্ৰুৱাৰী, ২০২৬ ৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ২০২৬। এই পৰীক্ষাৰ অন্ত পৰিব ১৬ মাৰ্চ, ২০২৬ ত। এই পৰীক্ষা দুটা বেলাত অনুষ্ঠিত হ’ব। পুৱাৰ ভাগৰ পৰীক্ষা পুৱা ৯ বজাৰ পৰা ১২ বজালৈ, আবেলিভাগৰ পৰীক্ষা দুপৰীয়া ১.৩০ বজাৰ পৰা আবেলি ৪.৩০ বজালৈ অনুষ্ঠিত হ’ব।
  3. বুধবাৰে বৰাগাঁৱস্থিত শ্বহীদ ন্যাসত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো দিশ পৰিদৰ্শন কৰে। তাৰ পাছতে তেওঁ সংবাদ মাধ্যমৰ আগত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। শৰ্মাই কয় যে, অসম আন্দোলনৰ শ্বহীদসকলৰ সোঁৱৰণত অসম চৰকাৰে এই বৃহৎ শ্বহীদ স্মাৰক নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছিল। এই স্মাৰকটো ১০ ডিচেম্বৰত উন্মোচন কৰা হ’ব বুলিও কয় শৰ্মাই।
  4. জুবিন ক্ষেত্ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। জুবিন ক্ষেত্ৰত উদ্ভাণ্ডলী কৰা একাংশক সকীয়নি প্ৰদান কৰি শৰ্মাই কয় যে,ছাৰ্জশ্বীট দাখিল কৰাৰ পাছতেই সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব। জুবিন ক্ষেত্ৰত সুৰাপান কৰি যোৱা আৰু মদ ঢলাসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলি কয় তেওঁ।
  5. পৰ্যটন বিভাগৰ নিযুক্তি কেলেংকাৰীত CM ভিজিলেন্সৰ জালত ২ অভিযুক্ত। মঙ্গলবাৰে ভিজিলন্সে গ্ৰেপ্তাৰ কৰে প্রাঞ্জল বৰা, অনন্যা বৰঠাকুৰক। ২০১২-১৩ বৰ্ষত সংঘটিত হৈছিল দুৰ্নীতি সেই সময়ত পৰ্য্যটন বিভাগৰ সঞ্চালক মনালিছা গোস্বামীকো সোধা পোছা কৰিছিল CM ভিজিলেন্সৰ। দিল্লীত কৰ্মৰত আছিল অনন্যা বৰঠাকুৰ, নগাঁওত কৰ্মৰত আছিল প্ৰাঞ্জল বৰা।
  6. আজি দশম বাৰৰ বাবে শপতগ্ৰহণ কৰি বিহাৰৰ ১৯ সংখ্যক মুখ্যমন্ত্ৰী হ’ব নীতিশ কুমাৰ। পুৱা ১১:৩০ বজাত পাটনাৰ গান্ধী মৈদানত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব। নতুন চৰকাৰত উপ-মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব প্ৰাক্তন মুখমণ্ডল সম্ৰাট চৌধুৰী আৰু বিজয় সিনহাই। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, জে পি নাড্ডা,কে ধৰি এন ডি এৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকিব।
  7. ইউক্ৰেইনৰ টেৰনপিল চহৰত ৰাছিয়াই ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণ চলায়। এই আক্ৰমণত এই পৰ্যন্ত ৩ শিশুসহ ২৫ জন লোকৰ মৃত্যু হৈছে। ইউক্ৰেইনৰ স্বৰাজ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই আক্ৰমণত ১৫টা শিশুসহ ১২৫ জন লোক আহত হৈছে। ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছত পশ্চিম ইউক্ৰেইনত এই আক্ৰমণৰ অন্যতম মাৰাত্মক আক্ৰমণ বুলি গণ্য কৰা হয়।

লগতে পঢ়ক: এইসকলৰ হ’ব আৰ্থিক লাভ! কোনে পাব গুৰু বৃহস্পতিৰ আশীৰ্বাদ? চাওক আজিৰ দিনটোৰ ৰাশিফল

মহিলাৰ ডিম্বাশয়ৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? জানক...
প্ৰস্ৰাৱৰ পৰা ওলোৱা দুৰ্গন্ধক ভুলতেও নকৰিব আওকাণ, পৰিব বিপদত!
মাহেকীয়াত যৌন সম্পৰ্ক কৰাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞই কি কয়
একেৰাহে ২১ দিন নহৰু খালে কি হ'ব জানেনে? জানক সকলো...