Morning Headlines: জুবিন গাৰ্গৰ মৃত্যুৰ পৰা হাইলাকান্দিলৈ… পলকতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…

আজি ২০ ছেপ্তেম্বৰ দেওবাৰ, ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

Morning Headlines: জুবিন গাৰ্গৰ মৃত্যুৰ পৰা হাইলাকান্দিলৈ... পলকতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…

পলকতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…

Updated On: 

20 Sep 2025 06:35 AM

আজি ২০ ছেপ্তেম্বৰ, প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দেওবাৰৰ দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. জুবিন গাৰ্গ আৰু নাই!আজি বিয়লিহে গুৱাহাটীলৈ অনা হ’ব নশ্বৰদেহ। সৰুসজাইত ৰখা হ’ব জুবিনৰ নশ্বৰদেহ , এই ঘোষণা মুখ্যমন্ত্ৰীৰ।
  2. গীতিকাৰ,সুৰকাৰ,সংগীত পৰিচালক, দৰদী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ আজি ওপজা দিন। যাৰ কণ্ঠত মোহাচ্ছন্ন প্ৰতিজন সংগীতপ্ৰেমী। প্ৰাণৰ শিল্পী গৰাকীক ওপজা দিনটোত সকলোৱে শ্ৰদ্ধাৰে সুৱঁৰিছে।
  3. জুবিন গাৰ্গক শ্ৰদ্ধা জনাই অৰ্ধনমিত কৰা হ’ল আছুৰ মুখ্য কাৰ্যালয়ৰ পতাকা। এই সিদ্ধান্ত গ্ৰহণ কৰিছে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিয়ে। খবৰ অনুসৰি, ৭ দিনলৈকে ৰাজ্যৰ সকলো প্ৰান্ততেই অৰ্ধনমিত হৈ থাকিব আছুৰ পতাকা।
  4. নিশা জুবিন গাৰ্গৰ শোকসন্তপ্ত পৰিয়ালৰ ওচৰত থিয় দিয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিনিকি ভূঞা শৰ্মাই। ইফালে জুবিনৰ কাহিলীপাৰাৰ বাসগৃহত অগণন অনুৰাগীয়ে কৰি আছে ভিৰ।
  5. নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষুব্ধ জুবিনৰ অনুৰাগী। ইতিমধ্যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে ৰুজু কৰা হৈছে প্ৰথমটো গোচৰ।
  6. নূপুৰ বৰা আৰু সুৰজিৎ ডেকাক পুনৰ তিনিদিনৰ চি এম ভিজিলেঞ্চৰ জিম্মালৈ প্ৰেৰণ। ইতিমধ্যে নূপুৰ বৰাৰ দুৰ্নীতি সন্দৰ্ভত বহু তথ্য লাভ কৰিছে চি এম ভিজিলেঞ্চে।
  7. অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰিছে আলফা স্বাধীনে। এক বিবৃতি প্ৰকাশ কৰি তেওঁলোকে কয়, জুবিন গাৰ্গ; নামেই যাৰ পৰিচয়। অসমৰ সংগীত জগতৰ এটি অনন্য নাম জুবিন গাৰ্গ।
  8. অসমত সন্দেহযুক্ত ভোটাৰ( ডি ভোটাৰ) হিচাপে চিহ্নিত বঙালী হিন্দু আদালতৰ ৰেকৰ্ডত দুই লাখৰ পৰা ২৫ হাজাৰলৈ হ্ৰাস পোৱা বুলি দাবী কৰিছে মুখ্যমন্ত্ৰীয়ে। বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, উচ্চতম ন্যায়ালয়ে অসম চুক্তিৰ ভিত্তিবৰ্ষ ১৯৭১ চনৰ আগৰ অসমত বসবাস কৰা লোকসকলক ১০০ শতাংশ ভাৰতীয় বুলি স্বীকৃতি দিয়ে।
  9. এইবাৰ হাইলাকান্দিত সংঘটিত হৈছে এক জঘন্য কাণ্ড। এজন বাহনচালকে এটি শিশুৰ লগত ভয়ংকৰ কাণ্ড সংঘটিত কৰে। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে।
ঘৰুৱা উপায়েৰে চিকচিকিয়া কৰি তোলক আপোনাৰ দাঁত...
খাতিৰ নকৰাকৈ গ'লগৈ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ...
ওজন বৃদ্ধি, আৰু ভাগৰ... এয়া বৃক্কজনীত সমস্যাৰ লক্ষণ নেকি?
১০ বছৰ পাছত বিৰল সংযোগ! নৱেম্বৰত কপাল ফুলিব এই ৰাশিৰ লোকৰ...