শোকস্তব্ধ অসমীয়া, ৭ দিনলৈকে অৰ্ধনমিত হৈ থাকিব আছুৰ পতাকা

জুবিন গাৰ্গক শ্ৰদ্ধা জনাই অৰ্ধনমিত কৰা হ'ল আছুৰ মুখ্য কাৰ্যালয়ৰ পতাকা। এই সিদ্ধান্ত গ্ৰহণ কৰিছে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিয়ে। খবৰ অনুসৰি, ৭ দিনলৈকে ৰাজ্যৰ সকলো প্ৰান্ততেই অৰ্ধনমিত হৈ থাকিব আছুৰ পতাকা।

শোকস্তব্ধ অসমীয়া, ৭ দিনলৈকে অৰ্ধনমিত হৈ থাকিব আছুৰ পতাকা

আছুৰ শ্ৰদ্ধাঞ্জলি

Published: 

20 Sep 2025 00:31 AM

জুবিন গাৰ্গৰ মৃত্যুক শোকস্তব্ধ অসমীয়া। অসমীয়া প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনাই অৰ্ধনমিত কৰা হ’ল আছুৰ মুখ্য কাৰ্যালয়ৰ পতাকা। এই সিদ্ধান্ত গ্ৰহণ কৰিছে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিয়ে। খবৰ অনুসৰি, ৭ দিনলৈকে ৰাজ্যৰ সকলো প্ৰান্ততেই অৰ্ধনমিত হৈ থাকিব আছুৰ পতাকা।

ইফালে,কেন্দ্ৰীয় নেতৃত্বৰ ঘোষণাৰ পাছতেই গুৱাহাটী বিশ্ববিদ্যালয়ত থকা আছুৰ মুখ্য কাৰ্যালয়ৰ পতাকা অৰ্ধনমিত কৰে বিশ্ববিদ্যালয়ৰ আছু গোটে। লগতে শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনাই কাৰ্যালয়ৰ চাৰিওফালে বন্তি প্ৰজ্বলন কৰে আছুৰ সদস্যসকলে। হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি  এই সিদ্ধান্ত গ্ৰহণ কৰে আছুৱে।

উল্লেখ্য যে, হাৰ্টথ্ৰৱ জুবিন গাৰ্গ বিয়োগৰ শোক ছাঁ গুৱাহাটী বিশ্ববিদ্যালয়ত। অসমৰ বহু ঠাইৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ সমাজে শিল্পী গৰাকীক স্মৰণ কৰে। শোকত ম্ৰিয়মান কৃষ্ণচূড়া নগৰীৰ ছাত্ৰ ছাত্ৰী সকলে ৫ শতাধিক বন্তি প্ৰজ্বলনেৰে সোঁৱৰে জুবিন গাৰ্গক।

অশ্ৰুসিক্ত নয়নেৰে কণ্ঠশিল্পী গৰাকীৰ চিৰসেউজ গীতবোৰ ৰোমন্থন কৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে। বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সমিতিৰ বিষয়া আৰু অধ্যাপক আৰু অধ্যাপিকা তথা ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত সম্পন্ন কৰা হয় শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী।

ঘৰুৱা উপায়েৰে চিকচিকিয়া কৰি তোলক আপোনাৰ দাঁত...
খাতিৰ নকৰাকৈ গ'লগৈ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ...
ওজন বৃদ্ধি, আৰু ভাগৰ... এয়া বৃক্কজনীত সমস্যাৰ লক্ষণ নেকি?
১০ বছৰ পাছত বিৰল সংযোগ! নৱেম্বৰত কপাল ফুলিব এই ৰাশিৰ লোকৰ...