সমষ্টি পুনঃনিৰ্ধাৰণৰ পিছত পাকিস্তানৰ পৰা ভাৰতত সোমাল দক্ষিণ কৰিমগঞ্জ! বিজেপি বিধায়কৰ আজৱ দাবী

সীমা নিৰ্ধাৰণৰ পিছত এই অঞ্চলসমূহ পাথাৰকান্দি সমষ্টিৰ অন্তৰ্গত হয় বুলি মন্তব্য কৰি তেওঁ লগতে এই অঞ্চলসমূহ এতিয়া পাকিস্তানৰ পৰা ‘হিন্দুস্তান’ত অন্তৰ্ভুক্ত হৈছে বুলি দাবী কৰে। এতিয়া এই অঞ্চলসমূহত উন্নয়ন আৰম্ভ হ’ব বুলি মন্তব্য কৰে বিধায়কজনে।

সমষ্টি পুনঃনিৰ্ধাৰণৰ পিছত পাকিস্তানৰ পৰা ভাৰতত সোমাল দক্ষিণ কৰিমগঞ্জ! বিজেপি বিধায়কৰ আজৱ দাবী

বিজেপি বিধায়কৰ আজৱ মন্তব্য

Updated On: 

04 Aug 2025 15:04 PM

সমষ্টি পুনঃনিৰ্ধাৰণক কেন্দ্ৰ কৰি ৰাজ্যত ৰাজনৈতিক বাদানুবাদ এতিয়াও অন্ত পৰা নাই এই পদক্ষেপক এতিয়াও সহজভাৱে লোৱা নাই বিৰোধীয়ে এই বিবাদ অব্যাহত থকাৰ সময়তে বিজেপিৰ এগৰাকী বিধায়কে কৰিছে চাঞ্চল্যকৰ দাবী বিজেপিৰ এই বিধায়কগৰাকীৰ মতে, সমষ্টি পুনঃনিৰ্ধাৰণে পূৰ্বে পাকিস্তানত থকা অঞ্চলক ভাৰতৰ ভিতৰলৈ আনিলে এই অদ্ভূত মন্তব্য কৰিছে বিজেপিৰ বিধায়ক বিজয় মালাকাৰে এক ৰাজহুৱা অনুষ্ঠানতে তেওঁ ৰাজ্যৰ এক পূৰ্বৰ বিধানসভা সমষ্টিক পাকিস্তানৰ সৈতে তুলনা কৰিছে

সোণ বিলত ১০০ কোটি টকাৰ মীন প্ৰকল্পৰ আনুষ্ঠানিক পৰিদৰ্শনৰ পিছত এক সমাৱেশত ভাষণ প্ৰদান কৰে ৰামকৃষ্ণনগৰ সমষ্টিৰ বিধায়ক মালাকাৰে নিজ ভাষণত তেওঁ পূৰ্বতে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ ভিতৰত থকা কিছুমান অঞ্চল বিশেষকৈ সোণ বিল আৰু ইয়াৰ আশে-পাশে থকা অংশক পাকিস্তান বুলি অভিহিত কৰে।

ভাষণত মালাকাৰে কয়, এই অঞ্চলসমূহ পূৰ্বে দক্ষিণ কৰিমগঞ্জৰ অধীনত আছিল, আৰু কোনো উন্নয়ন হোৱা নাছিলদক্ষিণ কৰিমগঞ্জৰ বিধায়কজন এটা সম্প্ৰদায়ৰ আছিল যদিও তাত বাস কৰা লোকসকল আন এটা সম্প্ৰদায়ৰ আছিল বাবে এনে পৰিস্থিতি হৈছিল বুলি বিধায়ক বিজয় মালাকাৰে দাবী কৰে।

সীমা নিৰ্ধাৰণৰ পিছত এই অঞ্চলসমূহ পাথাৰকান্দি সমষ্টিৰ অন্তৰ্গত হয় বুলি মন্তব্য কৰি তেওঁ লগতে এই অঞ্চলসমূহ এতিয়া পাকিস্তানৰ পৰা হিন্দুস্তানত অন্তৰ্ভুক্ত হৈছে বুলি দাবী কৰে এতিয়া এই অঞ্চলসমূহত উন্নয়ন আৰম্ভ হ’ব বুলি মন্তব্য কৰে বিধায়ক বিজয় মালাকাৰে লক্ষণীয়ভাৱে এই সভাত ৰাজ্য চৰকাৰৰ মন্ত্ৰী কৃষ্ণেন্দু পালো উপস্থিত আছিল

বিধায়ক বিজয় মালাকাৰৰ এই মন্তব্য পোহৰলৈ অহাৰ পিছতে ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে বৰ্তমানলৈকে অৱশ্যে বিধায়কজনৰ এনে বিতৰ্কিত মন্তব্য সন্দৰ্ভত বিজেপি বা ৰাজ্য চৰকাৰে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।

বহু চেষ্টাৰ পিছতো হাতত ধন নাথাকে নেকি আপোনাৰ? আঁৰত থাকিব পাৰে বাস্তুৰ এই দোষ
নিশা কৰক এই কাম! হাতলৈ আহিব ধন, খোল খাব ভাগ্যৰ দুৱাৰ...
ৰাতিৰ আহাৰ সোনকালে খোৱাটো কিয় প্ৰয়োজন? ৰোধ কৰিব পাৰিব এইসমূহ সমস্যা
ছাল হৈ পৰিব উজ্বল আৰু ধুনীয়া! এনেকৈ ব্যৱহাৰ কৰক দৈ আৰু বিলাহী...