চৰ্ত সাপেক্ষে বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক পুনৰ ৰাজ্যসভাৰ প্ৰাৰ্থীত্ব দিলে অসম গণ পৰিষদে…

পুনৰ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ নামটো প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে অগপৰ শীৰ্ষ নেতৃত্বই । কিন্তু চৰ্ত সাপেক্ষে অসম গণ পৰিষদে ঘোষণা কৰিছে প্ৰাৰ্থীৰ নাম । অহা ১৯ জুনত অসমৰ দুখন ৰাজ্যসভাৰ আসনৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন।

চৰ্ত সাপেক্ষে বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক পুনৰ ৰাজ্যসভাৰ প্ৰাৰ্থীত্ব দিলে অসম গণ পৰিষদে...

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্য

Published: 

08 Jun 2025 10:20 AM

আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে অগপই । পুনৰ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ নামটো প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে অগপৰ শীৰ্ষ নেতৃত্বই । কিন্তু চৰ্ত সাপেক্ষে অসম গণ পৰিষদে ঘোষণা কৰিছে প্ৰাৰ্থীৰ নাম । অহা ১৯ জুনত অসমৰ দুখন ৰাজ্যসভাৰ আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন।

এই নিৰ্বাচনৰ বাবে ইতিমধ্যে অসম বিজেপিয়ে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । উল্লেখ্য যে, অসমৰ দুখনৰ এখন আসনত বিজেপিয়ে প্ৰাৰ্থীত্ব দিয়াৰ বিপৰীতে মিত্ৰদল অগপক এখন আসন এৰি দিছে । বৰ্তমানেও এই দুয়োখন আসন অগপ আৰু বিজেপিৰ দখলত আছে । অগপৰ হাতত থকা আসনৰ সাংসদ হিচাপে আছে বিৰেন্দ্ৰ প্ৰসাদ বৈশ্য ।

খবৰ অনুসৰি, ৰাজ্যসভাৰ প্ৰাৰ্থীত্বৰ বাবে অগপৰ মুঠ ২৭ গৰাকী প্ৰাৰ্থীয়ে আবেদন দাখিল কৰিছিল । এই ২৭ গৰাকী প্ৰাৰ্থীৰ ভিতৰত পুনৰ প্ৰাৰ্থীৰ হিচাপে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ নাম ঘোষণা কৰিছে অগপই । কোৱা হৈছে যে, অভ্যন্তৰীণ বিদ্ৰোহৰ আশংকাত এই সিদ্ধান্ত গ্ৰহণ কৰিছে অগপৰ নেতৃত্বই ।

অগপৰ বিবৃতি

প্ৰাৰ্থীত্বক লৈ শনিবাৰে গুৱাহাটীত অগপৰ শীৰ্ষ নেতৃত্বৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল । বৈঠকত উপস্থিত আছিল অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু সাংসদ তথা জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীৰ লগতে কেইবাগৰাকী বিষয়ববীয়া ৷

দলীয় সূত্ৰই সদৰী কৰিছে যে, বিশেষ চৰ্ত সাপেক্ষে পুনৰ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক প্ৰদান কৰা হৈছে প্ৰাৰ্থীত্ব । সেই চৰ্ত হৈছে দুবছৰৰ পাছতে ৰাজ্যসভাৰ আসনখন এৰি দিব লাগিব বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যই । এই কথাও স্পষ্ট কৰি দিছে যে, পৰৱৰ্তী ৪ বছৰৰ বাবে আসনখন নতুন প্ৰজন্মৰ হাতত তুলি দিয়াৰ সিদ্ধান্ত লৈছে দলটোৱে ।

বৰ্তমান ৰাজ্যসভাৰ এই আসন দুখনত সাংসদ হিচাপে আছে বিৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিজেপিৰ মিছন ৰঞ্জন দাস । এই দুয়োগৰাকী সাংসদৰ কাৰ্যকাল অন্ত পৰাৰ পৰিপ্ৰেক্ষিত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন ।

উল্লেখ্য যে, বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক তৃতীয়বাৰৰ বাবে ৰাজ্যসভাৰ টিকট দিছে অগপই । বৈশ্য ২০০৮ চনৰ পৰা ২০১৪ চনলৈ ৰাজ্যসভাৰ সাংসদ হোৱাৰ লগতে ২০১৯ চনৰ জুন মাহত পুনৰ ৰাজ্যসভালৈ নিৰ্বাচিত হয় । একেদৰে ১৯৯৬ চনৰ লোকসভাৰ সাংসদ হিচাপেও নিৰ্বাচিত হৈছিল বিৰেন্দ্ৰ প্ৰসাদ বৈশ্য । বৈশ্যই মংগলদৈ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈ ১৯৯৬ চনৰ পৰা ১৯৯৮ চনৰ মাৰ্চ মাহলৈকে কেন্দ্ৰীয় তীখা আৰু খনিৰ মন্ত্ৰীৰ দায়িত্বও লাভ কৰিছিল ।

লগতে পঢ়ক : বিজেপিয়ে ঘোষণা কৰিলে ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম…

আপোনাৰ এনে দৈনন্দিন অভ্যাসে মাতি আনিব পাৰে বিপদ, লাহে লাহে কৰিব পাৰে হাওঁফাওঁৰ ক্ষতি
সঘনাই পেটৰ বিষ, গেছ হৈ থাকে নেকি? জানক ইয়াৰ কাৰণ...
যকৃতৰ সংক্ৰমণৰ লক্ষণসমূহ কি কি? এনেকৈ চিনাক্ত কৰক...
Astro Tips: কি কি ৰাশিৰ জাতক-জাতিকাই প্ৰেমত কৰিব পাৰে বিশ্বাসঘাটকতা!