Post Office Scheme: ডাকঘৰৰ এই আঁচনিখনত বিনিয়োগ কৰি হওক মালামাল!

Nov 13, 2025 | 6:42 PM

যদি কোনোবাই ৫ বছৰৰ বাবে RD ত মাহিলী ২০ হাজাৰ টকা জমা কৰে, তেন্তে মুঠ ১২ লাখ টকা জমা হ’ব। ৬.৭ শতাংশ হাৰত ২ লাখ ২৭ হাজাৰ টকা পাব। অৰ্থাৎ ১২ লাখ টকা বিনিয়োগ কৰিলে ১৪.২৭ লাখ টকাৰ ৰিটাৰ্ণ পাব।

যদি আপুনি ইমান কম বিপদজনক আৰু নিশ্চিত ৰিটাৰ্ণ বিনিয়োগৰ বিকল্প বিচাৰিছে, তেন্তে আপোনাৰ বাবে এটা উত্তম বিকল্প হ’ল ডাকঘৰৰ ৰেকাৰিং ডিপোজিত। এই আঁচনিখনত সৰু বিনিয়োগেৰে ডাঙৰ ৰিটাৰ্ণ পাব পাৰি। এই বিনিয়োগ আঁচনিৰ কাৰ্যকাল ৫ বছৰ। প্ৰতি ত্ৰিমাসিকত জমা ধনৰ ওপৰত সুত আদায় কৰা হয়। বৰ্তমান ডাকঘৰৰ ৰেকাৰিং ডিপোজিত ধনৰ সুতৰ হাৰ ৬.৭ শতাংশ।

মাত্ৰ ১০০ টকাৰে RD একাউণ্ট খুলিব পাৰিব। ইয়াত বিনিয়োগৰ কোনো উচ্চ সীমা নাই। এই ডাকঘৰৰ আঁচনিখনত বিনিয়োগ কৰিলে আয়কৰ আইনৰ ধাৰা ৮০চিৰ অধীনতো কৰ কৰ্তনৰ ব্যৱস্থা কৰা হয়।

যদি কোনোবাই ৫ বছৰৰ বাবে RD ত মাহিলী ২০ হাজাৰ টকা জমা কৰে, তেন্তে মুঠ ১২ লাখ টকা জমা হ’ব। ৬.৭ শতাংশ হাৰত ২ লাখ ২৭ হাজাৰ টকা পাব। অৰ্থাৎ ১২ লাখ টকা বিনিয়োগ কৰিলে ১৪.২৭ লাখ টকাৰ ৰিটাৰ্ণ পাব।

যিহেতু চৰকাৰী আঁচনি গতিকে বিনিয়োগৰ ক্ষেত্ৰত কোনো বিপদ নাই। এই আঁচনিত লোনৰ ব্যৱস্থা আছে। ৫ বছৰৰ সময়সীমা সম্পূৰ্ণ কৰাৰ পিছত ইচ্ছা কৰিলে আৰু ৫ বছৰলৈ বৃদ্ধি কৰিব পাৰিব।