‘মই ষ্টেজত উঠিব পৰা অৱস্থাতে নাই, নিৰ্বাচন খেলাৰো মোৰ ইচ্ছা নাই…’, কিয় এইদৰে ক’লে আজমলে?

Nov 13, 2025 | 6:33 PM

ইফালে বিৰোধী ঐক্য মঞ্চৰ মিত্ৰতা সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত থাকে আজমলে।

আজি ডবকাৰ পদুমপুখুৰী বজাৰ উচ্ছেদস্থলীত উপস্থিত হয় প্রাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমল। উচ্ছেদিত ৰাইজৰ লগত মত বিনিময় কৰে আৰু তেওঁলোকক সান্ত্বনা দিয়ে।

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি আজমলৰ ম্যাদ উকলি যোৱা বুলি কটাক্ষ কৰে। এই সন্দৰ্ভত আজমলক প্ৰশ্ন সোধা হৈছিল। কিন্তু মুখ্যমন্ত্ৰীৰ মন্তব্যত প্ৰতিক্ৰিয়া নিদিয়ে আজমলে। আজমলে কয়, ‘মোৰ কঁকাল ভঙা, মই নিৰ্বাচন খেলিব নোৱাৰিম! নিৰ্বাচন খেলাৰো ইচ্ছা নাই, CM ডাঙৰ মানুহ।’ ইফালে বিৰোধী ঐক্য মঞ্চৰ মিত্ৰতা সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত থাকে আজমলে।