প্ৰেমিকৰ চুবুৰীত বিকিনি পিন্ধা পোষ্টাৰ দেখি কি কৰিলে অভিনেত্ৰী শৰ্মিলাই?

Nov 21, 2025 | 9:53 PM

শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে নিজৰ জীৱনৰ বিভিন্ন অজ্ঞাত কাহিনী শ্বেয়াৰ কৰিছিল। শৰ্মিলাই হাঁহি হাঁহি কয় যে এবাৰ বিকিনি পিন্ধি শ্বুটিং কৰি বিপদত পৰাৰ কথা। ‘এন ইভিনিং ইন পেৰিছ’ ছবিখনৰ বাবে পৰিচালকৰ নিৰ্দেশ অনুসৰি বিকিনি পিন্ধিব লগা হৈছিল।

আজিকালি প্ৰায় ছবিত বিকিনি পিন্ধা অভিনেত্ৰীক দেখা যায়। ৬০ৰ দশকত মাত্ৰ কিছুমান অভিনেত্ৰীহে ৰিভিলিং কাপোৰ পিন্ধিছিল। কিন্তু তেতিয়া শৰ্মিলা ঠাকুৰে সেই নিষেধাজ্ঞা ভংগ কৰি বিকিনি পিন্ধি ধৰা পৰিল। শাহুৱেকৰ ভয়ত চিনেমাখনৰ পোষ্টাৰ ফালি পেলাইছিল অভিনেত্ৰীগৰাকীয়ে।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে নিজৰ জীৱনৰ বিভিন্ন অজ্ঞাত কাহিনী শ্বেয়াৰ কৰিছিল। শৰ্মিলাই হাঁহি হাঁহি কয় যে এবাৰ বিকিনি পিন্ধি শ্বুটিং কৰি বিপদত পৰাৰ কথা। ‘এন ইভিনিং ইন পেৰিছ’ ছবিখনৰ বাবে পৰিচালকৰ নিৰ্দেশ অনুসৰি বিকিনি পিন্ধিব লগা হৈছিল। অৱশ্যে পৰিচালকে বেছি হেঁচা প্ৰদান কৰা নাছিল। সকলো তেওঁ নিজৰ ইচ্ছামতে কৰিছিল। শৰ্মিলাৰ ভাষাত, “সেই সময়ত সেইটো ইমান ডাঙৰ কথা আছিল। কাপোৰ এটুকুৰাৰ বাবে মই কিমান বিতৰ্কত লিপ্ত হ’ব লাগিব বুলি মই ভবা নাছিলো।”