উভতি নহাৰ বাটেৰে গ’লগৈ প্ৰথিতযশা গীতিকাৰ চিদানন্দ দাস

Aug 22, 2025 | 10:27 PM

আকাশবাণীৰ শ্ৰোতাই পান কৰিছিল এইগৰাকী ব্যক্তিৰ কলেমেৰ গীত হৈ নিগৰা শব্দৰ সুধা। ইহসংসাৰৰ মায়া এৰি যোৱা এইগৰাকী গীতিকাৰ হৈছে চিদানন্দ দাস।

অতি সংগোপনে-অতি নীৰৱে এই পৃথিৱীৰ মায়া এৰি গুচি গ’ল এগৰাকী প্ৰথিতযশা গীতিকাৰ। আকাশবাণীৰ শ্ৰোতাই পান কৰিছিল এইগৰাকী ব্যক্তিৰ কলেমেৰ গীত হৈ নিগৰা শব্দৰ সুধা। ইহসংসাৰৰ মায়া এৰি যোৱা এইগৰাকী গীতিকাৰ হৈছে চিদানন্দ দাস। এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়া হিচাপেও তেওঁৰ আন এক চিনাকী আছে। যোৱা ২০ আগষ্টত নয়ডাৰ এখন হাস্পতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। সেই সময়ত তেওঁৰ বয়স হৈছিল ৮৮ বছৰ।

চিদানন্দ দাসৰ জন্ম হৈছিল বিশ্বনাথ চাৰিআলিৰ ভীৰগাঁৱত ১৯৪০ চনত। তেখেতৰ পিতৃ আছিল তাম্ৰপত্ৰপ্ৰাপ্ত স্বাধীনতা সংগ্ৰামী চেনিৰাম দাস। বিশ্বনাথ চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্ৰহণৰ পাছত তেওঁ কটন কলেজৰ পৰা আই.এছচি উত্তীৰ্ণ হয়। তাৰ পাছত তেওঁ শ্বিলঙৰ ছেইণ্ট এন্থনী কলেজৰ পৰা কলা বিভাগত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে।

শিক্ষা সাং কৰি শ্বিলঙতেই কৰ্মজীৱনৰ পাতনি মেলে চিদানন্দ দাসে। তাৰ পাছত তেওঁ উভতি আহে অসমলৈ। প্ৰশাসনিক বিষয়া হিচাপে অসমৰ বিভিন্ন জিলাত তেওঁ সেৱা আগবঢ়ায়। ১৯৯৮ চনত তেওঁ খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ যুটীয়া সঞ্চালক হিচাপে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে।

এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ উপৰিও তেওঁৰ দেহৰ সিৰাই-উপসিৰাই বিয়পি আছিল কৃষ্টি-সংস্কৃতি, সাহিত্যৰ অমিয়া ধাৰ। অল ইণ্ডিয়া ৰেডিঅ’ৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ আছিল চিদানন্দ দাস। নিজৰ গীতৰ সুধাৰে অসমীয়া সংগীতৰ ভঁৰাল চহকী কৰি থৈ গৈছে এইগৰাকী গীতিকাৰে। গীতি সাৰণি তেওঁৰ চিৰযুগমীয়া অৱদান, য’ত প্ৰায় ২৫০০ সংকলন কৰা জনপ্ৰিয় অসমীয়া গীত আছে। সংগীতপ্ৰেমী আৰু গৱেষকৰ বাবে আজিও ই এক অমূল্য সম্পদ হৈ ৰৈছে গীতি সাৰণি।

চিদানন্দ দাসৰ সৃষ্টিৰাজিৰ ভিতৰত অন্যতম হৈছে বাখৰমণি আৰু অনুৰাগ নামৰ দুখন গীতৰ পুথি। তাৰোপৰি বিভিন্ন বিষয়ৰ প্ৰৱন্ধৰ এক সংকলন সঞ্জীৱনী, কেইবাখনো অপ্ৰকাশিত পাণ্ডুলিপি যেনে প্ৰাণ গংগা, ভেনিচৰ সাউদ আৰু শূন্য শৰত তেখেতৰ অনুপম সৃষ্টি।