পুটিনক বশ কৰাৰ উদ্দেশ্যে ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰিছে ট্ৰাম্পে!

Aug 15, 2025 | 9:50 PM

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ কুটনৈতিক পদক্ষেপ হিচাপে ভাৰতৰ ওপৰত শুল্ক নীতিৰ আশ্ৰয় লোৱা বুলি আলোচিত হৈছিল। এই বিষয়ত এতিয়া পোহৰলৈ আহিছে ট্ৰাম্পৰ মন্তব্য।

বিগত কিছুদিনৰ পৰা সম্পৰ্কত ফাঁট মেলিছে ভাৰত আৰু আমেৰিকাৰ মাজত। ৰাছিয়াৰ পৰা ভাৰতে তেল ক্ৰয় কৰাক কেন্দ্ৰ কৰি আমেৰিকান ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত ৫০ শতাংশ আমদানি শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লোৱাৰ পিছতে দুয়ো দেশৰ মাজত দূৰত্ব বৃদ্ধি পাইছিল। ট্ৰাম্পে লগতে ৰাছিয়াৰ পৰা ভাৰতে তেল কৰাক লৈ সমালোচনা কৰিছিল। ইয়াৰ পিছতে ভাৰতে আমেৰিকাৰ এই সমালোচনাৰ তীক্ষ্ণ প্ৰত্যুত্তৰ দিছিল।

ইফালে ভাৰতৰ বিপক্ষে ট্ৰাম্পে গ্ৰহণ কৰা এই শুল্ক নীতি সন্দৰ্ভত আন কিছু চৰ্চাও পৰিলক্ষিত হৈছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ এনে কুটনীতিৰ আশ্ৰয় লোৱা বুলি আলোচিত হৈছিল। অৰ্থাৎ ট্ৰাম্পৰ এই শুল্ক নীতি ভাৰতৰ প্ৰতি শত্ৰুতা বা ব্যক্তিগত ক্ষোভ নহয় বুলি কোৱা হৈছিল। এই চৰ্চাক এতিয়া খোদ ট্ৰাম্পেই স্বীকাৰ কৰিছে।