প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনিৰ পৰা শংকৰজ্যোতি বৰুৱাৰ জামিনলৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ

May 26, 2025 | 11:42 PM

পত্নীৰ পাকিস্তান সংযোগৰ বিতৰ্ক চলি থকাৰ মাজতে গৌৰৱ গগৈলৈ আহিল ভাল খবৰ। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে গৌৰৱ গগৈক। পূৰ্বৰ সভাপতি ভূপেন বৰাৰ স্থলাভিসিক্ত হ’ব যোৰহাটৰ সাংসদগৰাকী।

পত্নীৰ পাকিস্তান সংযোগৰ বিতৰ্ক চলি থকাৰ মাজতে গৌৰৱ গগৈলৈ আহিল ভাল খবৰ। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে গৌৰৱ গগৈক। পূৰ্বৰ সভাপতি ভূপেন বৰাৰ স্থলাভিসিক্ত হ’ব যোৰহাটৰ সাংসদগৰাকী। ভূপেন বৰাক নিৰ্বাচনী প্ৰচাৰ সমিতিৰ দায়িত্ব দিছে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে।

ইফালে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক আজি জামিন প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল পাম্পত সংঘটিত মাৰপিটৰ ঘটনা কেন্দ্ৰিক গোচৰত গ্ৰেপ্তাৰ হৈছিল শংকৰজ্যোতি বৰুৱা। যোৱা ১৯ মে’ত গ্ৰেপ্তাৰ হোৱাৰ পাছতে আদালতে প্ৰাক্তন ছাত্ৰনেতাগৰাকীক ন্য়ায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।

চাওঁ আহক আজি দিনটোৰ আন কেতবোৰ গুৰুত্বপূৰ্ণ খবৰ…