জয়-বীৰু নহয়, এইবাৰ ‘গব্বৰ’ৰ সমুখত ইডিৰ বিপদ! এই গোচৰত কৰিলে তলব
ভাৰতীয় ক্ৰিকেটৰ গব্বৰ খ্যাত শিখৰ ধাৱানক তলব কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে। ধাৱানৰ নাম সাঙোৰ খাইছে এক অবৈধ বেটিং এপৰ সৈতে জড়িত আৰ্থিক জালিয়াতিৰ গোচৰত।
বলীউড ইতিহাসৰে অন্যতম চৰ্চিত ভিলেইন চৰিত্ৰ গব্বৰ। শ্বোলেৰ এই কিংবদন্তি ভিলেইন চৰিত্ৰ গব্বৰ ছবিখনত বিপদত পৰিছিল নায়কদ্বয় জয় আৰু বীৰুৰ। এতিয়াও গব্বৰৰ সময়ত দেখা দিছে নতুন বিপদে। এইবাৰ গব্বৰ সন্মুখীন হৈছে তদন্তকাৰী সংস্থাৰ চমনৰ। অৰ্থাৎ ভাৰতীয় ক্ৰিকেটৰ গব্বৰ খ্যাত শিখৰ ধাৱানক তলব কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে। ধাৱানৰ নাম সাঙোৰ খাইছে এক অবৈধ বেটিং এপৰ সৈতে জড়িত আৰ্থিক জালিয়াতিৰ গোচৰত।
ছ’চিয়েল মিডিয়াত ধাৱানে 1xBet নামৰ এক অনলাইন বেটিং প্লেটফৰ্মৰ প্ৰচাৰ কৰিছিল। এই সন্দৰ্ভতে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে ধাৱানক তলব কৰে। ইতিমধ্যে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে বৃহস্পতিবাৰে ইডিৰ কাৰ্যালয়ত হাজিৰ হয়। ধন সৰবৰাহ প্ৰতিৰোধ আইনৰ অধীনত শিখৰ ধাৱানৰ বক্তব্য লিপিবদ্ধ কৰা হৈছে বুলি জানিব পৰা গৈছে।