শ্বুটিঙৰ সময়ত কিয় জিনাত আমানক ব্লাউজ খুলিবলৈ দিয়ে ৰাজকাপুৰে?

| Edited By: Barasha Sarma

Sep 14, 2025 | 8:32 PM

১৯৭৮ চনত মুক্তি পোৱা বলীউডৰ অন্যতম ছবি সত্যম শিৱম সুন্দৰম। এই ছবিখনে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰাৰ লগতে বিতৰ্কৰো সৃষ্টি কৰিছিল। জিনাত অমানে যি সাজ-পোছাক পিন্ধি শিৱৰ পূজা কৰিছিল সেয়া বহুতে মানি ল’ব পৰা নাছিল। অৱশ্যে এই বিতৰ্কিত দৃশ্যটোৰ শ্বুটিঙৰ সময়ত জিনাতে চকুলো টুকিছিল।

ৰাজ কাপুৰ আছিল সম্পূৰ্ণ নিখুঁত। পৰিকল্পনা অনুসৰি কামবোৰ নহ’লে তেওঁৰ খং উঠে। ৰাজ কাপুৰৰ এনে ক্ষোভৰ সাক্ষী হৈছিল অভিনেত্ৰী জিনাত অমান। সকলোৰে সন্মুখত ৰাজ কাপুৰে এনে ব্যৱহাৰ কৰিছিল যে ভয় খাই গৈছিল।

১৯৭৮ চনত মুক্তি পোৱা বলীউডৰ অন্যতম ছবি সত্যম শিৱম সুন্দৰম। এই ছবিখনে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰাৰ লগতে বিতৰ্কৰো সৃষ্টি কৰিছিল। জিনাত অমানে যি সাজ-পোছাক পিন্ধি শিৱৰ পূজা কৰিছিল সেয়া বহুতে মানি ল’ব পৰা নাছিল। অৱশ্যে এই বিতৰ্কিত দৃশ্যটোৰ শ্বুটিঙৰ সময়ত জিনাতে চকুলো টুকিছিল।

এটা সাক্ষাৎকাৰ দিওঁতে জিনাতে কয়, “সত্যম শিৱম সুন্দৰম মোৰ বাবে কৰা আটাইতকৈ কঠিন ছবি। সেই সময়ত মই উদ্যোগটোত নতুন আছিলোঁ। ইতিমধ্যে অলপ ভয় খাইছিলোঁ। তাৰ পিছত গম পালোঁ যে এই ছবিখনত কেইবাটাও সাহসী দৃশ্য আছে। গতিকে টেনচন অলপ বেছি আছিল।”