শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
চীন-পাকিস্তানৰ ষড়যন্ত্ৰ! আমেৰিকাৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য পোহৰলৈ...

চীন-পাকিস্তানৰ ষড়যন্ত্ৰ! আমেৰিকাৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য পোহৰলৈ…

barasha-sarma
Barasha Sarma | Published: 26 May 2025 21:44 PM

পাকিস্তানে চীনৰ সৈতে মিলি পাৰমাণৱিক অস্ত্ৰ আধুনিকীকৰণৰ কাম কৰি আছে। জানিব পৰা মতে, পাকিস্তানে বিভিন্ন দেশৰ পৰা অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণৰ সামগ্ৰী ক্ৰয় কৰি আছে।

চীনৰ সহায়ত পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰি আছে পাকিস্তানে, এই মন্তব্য আমেৰিকাৰ। দেশখনৰ এটা চোৰাংচোৱা সংস্থাই দেওবাৰে প্ৰকাশ কৰে বিশ্ব ভাবুকি মূল্যায়ন প্ৰতিবেদন। এই প্ৰতিবেদনত চোৰাংচোৱা সংস্থাটোৱে সমগ্ৰ বিশ্বত ক’ত পাৰমাণৱিক ষড়যন্ত্ৰ চলি আছে সেই সম্পৰ্কে তথ্য আলোকপাত কৰিছে। তথ্য অনুসৰি, পাকিস্তানে চীনৰ সৈতে মিলি পাৰমাণৱিক অস্ত্ৰ আধুনিকীকৰণৰ কাম কৰি আছে। জানিব পৰা মতে, পাকিস্তানে হংকং, ছিংগাপুৰ, তুৰ্কী, আৰব আদি দেশৰ জৰিয়তে এই অস্ত্ৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰি আছে।

উল্লেখ্য যে, সীমান্তৰ উত্তেজনা কিছু পৰিমাণে হ্ৰাস পাইছে যদিও এই প্ৰতিবেদনে পুনৰ শান্তি বিঘ্নিত কৰিব পাৰে বুলি প্ৰশ্ন উত্থাপন হৈছে। প্ৰতিবেদনত উল্লেখ কৰিছে যে পাকিস্তানে সীমান্তৰ সংঘাত অব্যাহত ৰাখিবলৈ এনে কাম কৰিছে।